নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰতে মাস্ক প্রস্তুতত ব্যস্ত ফার্ষ্ট লেডী সবিতা ক’ৱিন্দ

নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ ঘৰতে তৈয়াৰী মাস্ক অভিযানত অংশ ল’লে দেশৰ ৰাষ্ট্রপতি ৰামনাথ ক’ৱিন্দৰ পত্নী তথা ফার্ষ্ট লেডী সবিতা ক’ৱিন্দই৷ নতুন দিল্লীৰ প্রেছিডেণ্ট ইষ্টেটৰ শক্তি হাউছত ফার্ষ্ট লেডীগৰাকীয়ে চিলাই মেচিনত মাস্ক তৈয়াৰ কৰিছে৷ কালি মাস্ক প্রস্তুতত ব্যস্ত হৈ পৰা ফার্ষ্ট লেডীগৰাকীয়ে এই মাস্কসমূহ দিল্লী আৰবান ছেল্টাৰ ইমপ্রুভমেণ্ট ব’ডৰ অধীনত থকা বিভিন্ন আশ্রয়গৃহত বিতৰণ কৰিব৷ উল্লেখ্য যে চিলাই মেচিনত মাস্ক প্রস্তুত কৰি থাকোঁতে ফার্ষ্ট লেডীগৰাকীয়ে ৰঙা কাপোৰৰ মাস্ক পৰিধান কৰি আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘৰতে প্রস্তুত কৰা মাস্ক পিন্ধিবলৈ দেশবাসীক আহ্বান জনোৱাৰ পিছত ৰাষ্ট্রপতি পত্নীয়ে সেই আহ্বানক আর্হি হিচাপে দেখুৱাই দিল্লীৰ আশ্রয়গৃহৰ বাবে মাস্ক প্রস্তুত কৰি আছে৷ গুৰুত্বপূর্ণ যে বজাৰত মাস্কৰ নাটনি হোৱাৰ পৰিপ্রেক্ষিততে দেশত ঘৰুৱাভাৱে প্রস্তুত কৰা মাস্ক পিন্ধাত বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনোৱাৰ লগতে দেশৰ স্বাস্থ্য মন্ত্রালয়েও অনুমোদন জনাইছে৷ ফার্ষ্ট লেডীৰ মাস্ক প্রস্তুত কৰা পদক্ষেপক লৈ ছ’চিয়েল মিডিয়াত ভূয়সী প্রশংসা চলিছে৷

You might also like