নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ প্রশাসনে ৯জনকৈ লোকক আক্রমণ কৰি মৃত্যু ঘটোৱা বাঘ এটাক অৱশেষত বধৰ নির্দেশ দিছে৷ নৰখাদক বাঘটোৱে বিগত চাৰিদিনত এটা শিশুসহ চাৰিজন লোকক ভক্ষণ কৰিছে৷ বাঘৰ সন্ত্রাসৰ প্রতি লক্ষ্য ৰাখি পশ্চিম চম্পাৰণ জিলাৰ প্রশাসনে এই বাঘটোক শীঘ্রে বধ কৰিবলৈ নির্দেশ দিছে৷ জিলা বন বিষয়াই প্রকাশ কৰা মতে, মানৱ বসতি অঞ্চলত চলা–ফুৰা কৰি বাঘটোৱে তিনিদিনৰ ভিতৰত চাৰিজন লোকক হত্যা কৰাৰ বাবে আইনৰ অধীনত বাঘটোক বধ কৰিবলৈ নির্দেশনা জাৰি কৰা হৈছে৷ উল্লেখ্য যে বাগাহাৰ গোৱর্ধন আৰক্ষী থানাৰ অন্তর্গত বালুৱা গাঁৱৰ বাল্মীকি বাঘ সংৰক্ষণ প্রকল্পৰ বাঘ এটাই অঞ্চলটোলৈ ওলাই আহি এতিয়ালৈকে ৯জন লোকৰ প্রাণকাঢ়ি নিছে৷