নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ডত কন্যাৰ বাল্যবিবাহৰ হাৰ সর্বাধিক

নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ কেন্দ্রীয় গৃহ মন্ত্রালয়ে জনগাঁথনিমূলক সমীক্ষাৰ আধাৰত প্রকাশ কৰা তথ্যত দেশৰ ভিতৰত ঝাৰখণ্ডত কন্যাৰ বাল্যবিবাহৰ সংখ্যা সর্বাধিক৷ বিবাহৰ বয়স পূর্ণ নৌহওঁতেই ৰাজ্যখনত কন্যাক বিবাহপাশত আবদ্ধ কৰোৱা হয়৷ ৰাজ্যখনত কন্যাৰ এনে বাল্যবিবাহৰ শতকৰা ৫.৮৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ ৰেজিষ্টাৰ জেনেৰেল আৰু লোকপিয়ল আয়ুক্ত কার্যালয়ে প্রকাশ কৰা তথ্য অনুসৰি দেশজুৰি বিবাহৰ বয়স ১৮ বছৰ নৌহওঁতেই কন্যাৰ বিবাহৰ হাৰ ১.৯৷ ইয়াৰ বিপৰীতে ৰাষ্ট্রীয় পর্যায়তকৈ অধিক ঝাৰখণ্ডত৷ ৰাজ্যখনত এনে বিবাহৰ হাৰ ৫.৮৷ আনপিনে কেৰালাত ৰাষ্ট্রীয় পর্যায়তকৈ কমেই নহয়৷ ৰাজ্যখনত এনে বিবাহৰ হাৰ ০.০৷ প্রকাশিত তথ্য মতে, ঝাৰখণ্ডত কন্যাৰ বাল্যবিবাহৰ হাৰ চহৰাঞ্চলতকৈ গ্রামাঞ্চলত অধিক৷ চহৰাঞ্চলত তিনি শতাংশৰ বিপৰীতে গ্রামাঞ্চলৰ হাৰ ৭.৩৷ ২০২০ চনত দেশত বিভিন্ন জনগাঁথনিমূলক তথ্য, প্রজনন আৰু মৃত্যুৰ সূচকৰ আধাৰত সংগ্রহ কৰা তথ্যৰ দ্বাৰা এই প্রতিবেদন প্রস্তুত কৰা হৈছে৷ ঝাৰখণ্ডত ২১ বছৰৰ পূর্বে অর্ধেকতকৈ অধিক মহিলা বিবাহপাশত আবদ্ধ হয়৷ ঠিক তেনেদৰে পশ্চিমবংগতো ঝাৰখণ্ডৰ লেখীয়াই ২১ বছৰৰ পূর্বে ৫৪.৯ শতাংশ কন্যাই বিবাহপাশত আবদ্ধ হয়৷ ২১ বছৰৰ পূর্বে দেশজুৰি বিবাহপাশত আবদ্ধ হোৱা কন্যাৰ হাৰ ২৯.৫ শতাংশ৷ এই হাৰতকৈ ঝাৰখণ্ড আৰু পশ্চিমবংগত অধিক কন্যাই বিবাহপাশত আবদ্ধ হৈ আহিছে৷ ঝাৰখণ্ডত ৫৪.৬ শতাংশ কন্যাই ২১ বছৰৰ পূর্বে বিবাহপাশত আবদ্ধ হয়৷ লক্ষণীয় যে কন্যাৰ বাল্যবিবাহৰ হাৰ ঝাৰখণ্ডত সর্বাধিক হোৱাৰ পৰিপ্রেক্ষিতত ৰাজ্যখনত ডাইনী হত্যাৰ লেখীয়া ঘটনাও সাধাৰণ হিচাপে চর্চিত৷ অৱশ্যে ২০১৫ চনৰ তুলনাত ২০২০ চনত এনে ঘটনাৰ সংখ্যা সামান্য হ্রাস পাইছে৷

You might also like