নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বিত্তীয় বৰ্ষত ২ শতাংশ লৈ হ্ৰাস পাব দেশৰ জিডিপি

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ক’ভিড-১৯ মহামাৰীৰ বাবে মহাসংকটত পৰিব দেশৰ অৰ্থনীতি । এই দুৰ্ভাৱনা ব্যক্ত কৰি ফিটছ ৰেটিংছে শুকুৰবাৰে ভৱিষ্যদ্বাণী কৰিছে যে ২০২০-২১ বৰ্ষৰ দেশৰ মুঠ ঘৰুৱা উৎপাদন ২ শতাংশলৈ হ্ৰাস পাব । এই জিডিপি উদাৰীকৰণ অৰ্থনীতিৰ দিন আৰম্ভ হোৱাৰ পাছত যোৱা ৩০ বছৰৰ ভিতৰত সৰ্বনিম্ন ইয়াৰ আগতে এছিয়ান ডেভেলপমেণ্ট বেংকে চলিত বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশ ৪ শতাংশলৈ হ্ৰাস পাব বুলি ভৱিষ্যদ্বাণী কৰিছল ।

ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছাৰ্চে ২০২১ বিত্তীয় বৰ্ষত জিডিপি ৩.৬ শতাংশৰ পৰা ৫.৫ শতাংশৰ ভিতৰত থাকিব বুলি সম্ভাৱনা ব্যক্ত কৰিছিল । তদুপৰি মোডিজ ইনভেষ্টৰ্ছ ছাৰ্ভিচে যোৱা সপ্তাহত ভাৰতৰ জিডিপিৰ চলিত বৰ্ষত ২.৫ শতাংশলৈ হ্ৰাস পাব বুলি অনুমান কৰিছিল । বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবেই গ্লোৱেল অৰ্থনীতিত অভাৱনীয় প্ৰভাৱ পৰিব বুলি সমীক্ষকসকলে ভৱিষ্যদ্বাণী কৰিছে ।

You might also like