নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ প্রতিৰক্ষা সামগ্রী আমদানিৰ ক্ষেত্রত বিশ্বৰ বৃহত্তম দেশ ভাৰত এতিয়া এই সামগ্রীৰ ৰপ্তানিৰ দেশলৈ উন্নীত হৈছে৷ বিগত চাৰি বছৰত দেশখনৰ প্রতিৰক্ষা সামগ্রীৰ ৰপ্তানি চাৰি গুণ বৃদ্ধি পাইছে৷ প্রতিৰক্ষা বিভাগ মন্ত্রালয়ৰ তথ্য মতে, ২০১৬–১৭ বর্ষত প্রতিৰক্ষা সামগ্রীৰ ৰপ্তানি হৈছিল ১৫২১.৮৬ কোটি টকা৷ ইয়াৰ বিপৰীতে ২০১৯–২০ত এই সামগ্রী ৰপ্তানি হৈছে ৮৬২০.৫৯ কোটি টকাৰ৷
লক্ষণীয় যে ২০২০–২১ বিত্তীয় বর্ষত প্রতিৰক্ষা সামগ্রী ৰপ্তানিৰ মূল্য ১৫ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘মেক ইন ইণ্ডিয়া’ আঁচনিৰ অধীনত দেশত প্রতিৰক্ষা সামগ্রীৰ উৎপাদন প্রক্রিয়া বৃদ্ধি কৰা হৈছে৷ ইয়াৰ বাবে পূর্বতে প্রতিৰক্ষা সামগ্রীৰ আমদানি কৰা দেশখনে এতিয়া এই সামগ্রী বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে৷ দেশত প্রতিৰক্ষা ওদ্যোগিক ক্ষেত্র বৃদ্ধি কৰিবলৈ ইতিমধ্যে তামিলনাডু, উত্তৰ প্রদেশত প্রতিৰক্ষা কৰিড’ৰ স্থাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷