নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনক অতিক্ৰমঃ ইটালীত ক’ৰোনাত মৃত্যু ৩,৪০৫ জনৰ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ বিশ্বৰ আন আন দেশৰ লগতে ভাৰততো মহামাৰীৰ ৰূপ লৈছে ঘাতক ক’ৰোনা ভাইৰাছে । ভাৰতৰ ২০ খন ৰাজ্যলৈ ক’ভিড – ১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাত দেশত এই প্ৰাণঘাতী ভাইৰাছত আক্ৰান্তৰ সংখ্যা ২৩২ লৈ বৃদ্ধি পাইছে । ৰাজস্থানৰ জয়পুৰত এজনৰ ইটালীৰ নাগৰিক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ পাছত দেশত এই ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণহানি হোৱা লোকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পালে ৷ প্রাদুর্ভাৱ ঘটা চীনত ঘাতক ক’ৰোনা ভাইৰাছৰ সংক্রমণ স্তিমিত হ’লেও বিশ্বৰ আন আন দেশত এই সংক্রমণ বৃদ্ধি পাইছে ৷ বিশ্বৰ ১৭৯ দেশলৈ প্রাণঘাতী ক’ভিড–১৯ৰ সংক্রমণ সম্প্রসাৰিত হোৱাত এই ভাইৰাছত আক্রান্তৰ সংখ্যা ২.৫ লাখ অতিক্রম কৰিলে ৷ মৃতকৰ সংখ্যা ১০ হাজাৰ অতিক্রম কৰিছে ৷ প্রতি ক্ষণে ক্ষণে আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাই বিশ্বত মহামাৰীৰ ৰূপ লৈছে ভয়াৱহ ক’ভিড–১৯এ ৷

প্রাদুর্ভাৱ ঘটা চীনত মৃতকৰ সংখ্যাক ইতিমধ্যে অতিক্রম কৰিলে ক’ৰোনা ভাইৰাছত আক্রান্ত ইটালীয়ে ৷ চীনৰ পাছতে সর্বাধিক ক’ৰোনা ভাইৰাছত আক্রান্ত ইটালীত বিগত ২৪ ঘণ্টাত ৪২৭জন লোকে প্রাণ হেৰুওৱাত দেশখনত এই ভাইৰাছত মৃত্যু ঘটা লোকৰ সংখ্যা ৩,৪০৫ৰ অধিক হৈছে ৷ মন কৰিবলগীয়া যে চীনত ৮০ হাজাৰতকৈ অধিক লোক আক্রান্ত হৈছে আৰু মৃত্যু হৈছে ৩,২১৬জনৰ ৷ মৃতকৰ সংখ্যাৰ তুলনাত মহামাৰী ৰূপ লোৱা ইটালীয়ে চীনক অতিক্রম কৰিলে ৷ ইটালীত নতুনকৈ এই ভাইৰাছত আক্রান্ত লোকৰ বৃদ্ধিৰ হাৰ হ্রাস পাইছে যদিও প্রাণহানি হোৱা লোকৰ হাৰ হ্রাস পোৱা নাই ৷ উল্লেখ্য যে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বৃহস্পতিবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰি অনাগত দুসপ্তাহ দেশবাসীৰ বাবে জটিল সময় হ’ব বুলি উল্লেখ কৰি সজাগ–সচেতন হ’বলৈ আহ্বান জনায় ৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰে ক’ভিড–১৯ৰ সংক্রমণৰ প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰিলেও দেশব্যাপী ভাইৰাছটোৰ সংক্রমণ বৃদ্ধি হৈ আছে ৷ বৃহস্পতিবাৰে সমগ্র দেশত আক্রান্তৰ সংখ্যা ১৮৬জন আছিল যদিও শুকুৰবাৰে গুজৰাট, অন্ধ্রপ্রদেশ, মহাৰাষ্ট্র, পঞ্জাব, উত্তৰপ্রদেশ, পশ্চিমবংগত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাত মুঠ আক্রান্তৰ সংখ্যা ২৩২জনলৈ বৃদ্ধি পাইছে ৷ দেশৰ ভিতৰত সর্বাধিক আক্রান্তৰ সংখ্যা মহাৰাষ্ট্রত ৷

বাতৰি যুগুতোৱালৈকে মহাৰাষ্ট্রত সর্বাধিক ৫২জন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাটো নিশ্চিত হৈছে আৰু কেইবাশ লোকক সন্দেহ কৰা হৈছে ৷ ঘাতক ভাইৰাছটোৰ সংক্রমণৰ মাত্রা বৃদ্ধি পোৱাৰ প্রতি লক্ষ্য ৰাখি প্রতিৰোধী ব্যৱস্থা হিচাপে মহাৰাষ্ট্র চৰকাৰে চাৰিখন চহৰত লক ডাউন কৰিছে ৷ দেশত প্রথম ৰাজ্য হিচাপে মহাৰাষ্ট্রই বাণিজ্যিক ৰাজধানী ৰূপে খ্যাত মুম্বাইৰ লগতে পুনে, নাগপুৰ আৰু পিমপ্রি ছিঞ্চৱাৰ চহৰ লক ডাউন কৰিছে ৷ অহা ৩১ মার্চলৈকে লক ডাউন ঘোষণা কৰা এই চহৰকেইখনত অত্যাৱশ্যকীয় সামগ্রীৰ বিপণীৰ লগতে ঔষধৰ বিপণীৰ বাহিৰে কোনো দোকান–পোহাৰ খোলা নাথাকিব ৷ নাগৰিকসকলে অনাহকত ঘৰৰ বাহিৰলৈ ওলাই আহিব নোৱাৰিব ৷ এই লক ডাউনৰ সময়ছোৱাত আন্তর্জাতিক বিমানবন্দৰ, চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহো বন্ধ থাকিব ৷ লক্ষণীয় যে এই বন্ধৰ সময়ছোৱাত চৰকাৰী কার্যালয়ত ২৫ শতাংশৰ উপস্থিতি থাকিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই ৷

আনপিনে, দেশৰ ৰাজধানী নতুন দিল্লীত ২০তকৈ অধিক লোকৰ সমাগমৰ অনুমতি দিয়াটো বন্ধ কৰি ইয়াতকৈ অধিক লোকৰ সমাগম হ’লে দিল্লীৰ চৰকাৰে এজাহাৰ ৰুজু কৰিব বুলি মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে বৃহস্পতিবাৰে ঘোষণা কৰাৰ পাছত শুকুৰবাৰে দিল্লীৰ সকলো মল বন্ধৰ নির্দেশ দিছে ৷ দিল্লীত এজনৰ মৃত্যু হোৱাৰ বিপৰীতে ১৪জন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ আশ্চর্যজনক যে হাৰিয়ানাৰ পাঞ্চকুলালৈ অহা ২৪গৰাকী বিদেশী নাগৰিকৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰে ৷ কিছুদিন পূর্বে দিল্লী বিমানবন্দৰত অৱতৰণ কৰা ২৪গৰাকী বিদেশী নাগৰিকে পাঞ্চকুলাৰ ঠিকনা আৰু এটা লেণ্ডলাইন ফোনৰ নম্বৰ দি তালৈ গৈছিল যদিও সেই বিদেশী নাগৰিককেইগৰাকীৰ সন্ধান পোৱা নাই পাঞ্চকুলাৰ স্বাস্থ্য বিভাগে৷ কেন্দ্রীয় চৰকাৰে উল্লিখিত লোকসকলৰ নাম আৰু ভাৰতত থকা ঠিকনা পাঞ্চকুলাৰ স্বাস্থ্য বিভাগক প্রদান কৰাৰ পাছত বিভাগটোৱে সন্ধান চলায় যদিও এতিয়ালৈকে কোনো শুংসূত্র লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ পাঞ্চকুলাৰ স্বাস্থ্য বিভাগে ঠিকনা দিয়া ব্যক্তিগত খণ্ডৰ স্কুললৈ গৈছিল যদিও তাতো কোনো সন্ধান পোৱা নাই ৷ ইয়াকে লৈ স্থানীয় প্রশাসন উক্ত নাগৰিককেইজনৰ স্বাস্থ্যক লৈ শংকিত হৈ আছে ৷ দেশৰ বজাৰত হেণ্ড ছেনিটাইজাৰ আৰু মাক্সৰ চলি থকা ক’লা ব্যৱসায় বন্ধ কৰাৰ বাবে শুকুৰবাৰে কেন্দ্রীয় গ্রাহক পৰিক্রমা মন্ত্রী ৰামবিলাস পাছোৱানে টুইটযোগে এনে ব্যৱসায়ীসকলক সকীয়নি দি ২০০ মিলিলিটাৰ হেণ্ড ছেনিটাইজাৰ বটল ১০০তকৈ অধিক দামত বিক্রী কৰিব নোৱাৰে বুলি ঘোষণা কৰিছে ৷ তেনেদৰে প্রতিখন মাক্স ১০ টকাৰ অধিক দামত বিক্রী কৰিব নোৱাৰিব বুলিও টুইটত কয় মন্ত্রীগৰাকীয়ে৷আনহাতে, দক্ষিণ আমেৰিকাৰ প্রথমখন দেশ হিচাপে আর্জেণ্টিনাই ঘাতক ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি প্রতিৰোধী ব্যৱস্থা হিচাপে লক ডাউন কৰিছে ৷

পৰৱর্তী দুসপ্তাহলৈকে দেশৰ নাগৰিকসকলক অনাহকত ঘৰৰ বাহিৰলৈ নাহিবলৈ নির্দেশ দিছে৷ প্রাণঘাতী ভাইৰাছত আক্রান্ত হোৱা লোকৰ চিকিৎসাৰ বাবে ইতিমধ্যে প্রয়োজনীয় চিকিৎসা কর্মীৰ অভাৱ হোৱাত গ্রেট ব্রিটেইনে অৱসৰপ্রাপ্ত চিকিৎসা কর্মীসকলক পুনৰ কামত যোগদান কৰিবলৈ আহ্বান জনাইছে৷ ইউৰোপ মহাদেশৰ ইটালীৰ লগতে স্পেইনতো ঘাতক ক’ভিড–১৯এ মহামাৰী ৰূপ লৈছে৷ দেশখনত এতিয়ালৈকে ৮৩৩জন লোকে প্রাণ হেৰুৱাইছে৷ সমগ্র ইউৰোপ মহাদেশৰ দেশসমূহত ১ লাখ ৮০ হাজাৰতকৈও অধিক লোক ভাইৰাছত আক্রান্ত হৈছে৷ লক্ষণীয় যে স্পেইনৰ ৰাজধানী মাদ্রিডত প্রায় ৫০০জন লোকৰ ভাইৰাছত আক্রান্ত হৈ মৃত্যু ঘটিছে৷ জার্মানীত বিগত ২৪ ঘণ্টাত ১১জন লোকে প্রাণ হেৰুওৱাত মৃতকৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি পাইছে৷ লক্ষণীয় যে বিশ্বৰ শক্তিশালী ৰাষ্ট্র আমেৰিকা যুক্তৰাষ্ট্রত ক’ৰোনা ভাইৰাছৰ সংক্রমণ দ্রুতগতিত সম্প্রসাৰিত হৈছে৷ বিগত ২৪ ঘণ্টাত ৫০০জন এই ভাইৰাছত নতুনকৈ আক্রান্ত হোৱাত দেশখনত আক্রান্তৰ সংখ্যা ১০ হাজাৰলৈ বৃদ্ধি পাইছে৷ মৃতকৰ সংখ্যাই ২০০ অতিক্রম কৰিছে ৷

You might also like