নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ ধর্মীয় বিশ্বাসৰ বিৰুদ্ধে চীনৰ কট্টৰ কমিউনিষ্ট শাসকৰ কঠোৰ নীতিয়ে বিশ্বজুৰি ক্ষোভৰ সৃষ্টি কৰি অহাৰ সময়তে দেশখনে এগৰাকী ধর্মযাজকক কাৰাদণ্ড বিহিছে৷ দেশৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছে ৱাং য়ি নামৰ আর্লি ৰেইন কনভেণ্ট গির্জাৰ যাজকজনক৷ দেশখনৰ দক্ষিণ–পশ্চিম প্রান্তৰ চহৰ চেংডুৰ গির্জাৰ এই যাজকজনক ২০১৮ৰ ডিচেম্বৰত গ্রেপ্তাৰ কৰা হৈছিল৷ ৱাং য়িৰ উপৰি কেইবাডজনো গির্জাৰ যাজক তথা ধর্মীয় নেতাক গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ কালি আদালতে ৱাং য়িক দোষী সাব্যস্ত কৰি ৯ বছৰ কাৰাদণ্ডৰ ৰায় শুনোৱাৰ পাছতে বিদায়ী বর্ষটোত দেশখনত থকা খ্রীষ্টানধর্মী লোকসকল ক্ষুব্ধ হৈ পৰিছে৷ অৱশ্যে বেইজিং প্রশাসনৰ কঠোৰ নীতিৰ বাবে ধর্মযাজকগৰাকীৰ বিৰুদ্ধে আদালতে শাস্তিৰ ৰায় শুনোৱা সত্ত্বেও মুকলিকৈ প্রতিক্রিয়া প্রকাশ কৰিবলৈ সক্ষম হোৱা নাই খ্রীষ্টান ধর্মাৱলম্বী লোকসকল৷ স্মর্তব্য যে খ্রীষ্টান তথা উইঘোৰ মুছলমান সম্প্রদায়ৰ বিৰুদ্ধে বেইজিং প্রশাসনে গ্রহণ কৰি অহা দমন নীতিক ক্ষুৰধাৰ সমালোচনা কৰি আহিছে মানৱ অধিকাৰ সংগঠনসমূহে৷