নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীন–পাকিস্তানক যথোচিত প্রত্যুত্তৰ দিব ভাৰতে

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ ঝাউলেখেত মুনাকটত ‘শ্বহীদ সন্মান যাত্রা’ সম্বোধন কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে চুবুৰীয়া ৰাষ্ট্র চীন–পাকিস্তানক কঠোৰ ভাষাৰে সকীয়নি দিয়ে৷ চুবুৰীয়া ৰাষ্ট্রকেইখনৰ সৈতে ভাৰতে মধুৰ সম্পর্ক বর্তাই ৰাখিব বিচাৰে যদিও দেশকেইখনে বিগত দশক দশক ধৰি নতুন দিল্লীৰ বিৰুদ্ধে ষড়যন্ত্রত লিপ্ত হৈ আছে বুলি উল্লেখ কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙে কয় যে ভাৰতক অশান্ত কৰি তোলাৰ বাবে পাকিস্তানে সকলো পদক্ষেপ গ্রহণ কৰি আছে৷ এই কথা দেশক স্পষ্টভাৱে সকীয়াই দিওঁ যে নতুন আৰু শক্তিশালী ভাৰতে দেশখনক যথোচিত প্রত্যুত্তৰ দিব৷

ইপিনে, চুবুৰীয়া ৰাষ্ট্র চীনে ভাৰতৰ ভূমি বেদখল কৰাৰ বাবে চলাই থকা প্রচেষ্টাক সকীয়নি দি প্রতিৰক্ষা মন্ত্রী সিঙে কয় যে দেশৰ এক ইঞ্চি ভূমিও যদি কোনো দেশে বেদখল কৰাৰ প্রয়াস চলায়, তেতিয়া হ’লে সেই দেশখনক ভাৰতে যথোচিত প্রত্যুত্তৰ দিব৷ চুবুৰীয়া ৰাষ্ট্র দুখনক প্রত্যক্ষভাৱে সকীয়াই দি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে ভাৰতে সদায়ে চুবুৰীয়া ৰাষ্ট্রৰ সৈতে মধুৰ সম্পর্ক বর্তাই ৰাখিব বিচাৰে৷ কিন্তু কিছুসংখ্যক দেশ আছে যিয়ে এইবোৰ বুজি নাপায়৷ ভাৰতে কেতিয়াও কোনো দেশক আক্রমণ কৰা নাই নতুবা বিদেশী ভূমি এক ইঞ্চি দখল কৰা নাই৷

চুবুৰীয়াৰ সৈতে ভাল সম্পর্ক বর্তাই ৰখাটো ভাৰতীয় সংস্কৃতি৷ কিন্তু কিছু লোকে ভাৰতীয় সংস্কৃতিৰ এই মূল্য বুজি নাপায়৷ তেওঁ নাজানে সেয়া দেশকেইখনৰ অভ্যাস নে আন কিবা৷ পাকিস্তানক সকীয়নি দি সিঙে ১৯৭১ চনত দেশখনৰ সৈতে যুদ্ধত ভাৰতৰ বিজয়ৰ প্রসংগ উল্লেখ কৰে৷ আনপিনে, চুবুৰীয়া ৰাষ্ট্র নেপালৰ সৈতে নতুন দিল্লীৰ সম্পর্ক তিক্ত কৰি তুলিবলৈ অহৰহ প্রয়াস চলাই থকাৰ প্রসংগ উল্লেখ কৰি সিঙে কয় যে অলপতে তেওঁ লিপুলেখ পাছৰ পৰা মানস সৰোবৰলৈ পথ মুকলি কৰি নেপালৰ সৈতে সম্পর্ক ভাল কৰাৰ প্রয়াস চলাইছে৷ কিন্তু একাংশই এইক্ষেত্রত ভুল তথ্য প্রচাৰেৰে দেশখনৰ সৈতে সম্পর্ক তিক্ত কৰাৰ ষড়যন্ত্র চলায় যদিও ই পাছলৈ বিফল হয়৷ কিয়নো নেপালৰ সৈতে ভাৰতীয় সংস্কৃতিৰ নিকট সম্পর্ক আছে৷

লক্ষণীয় যে প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে উত্তৰাখণ্ড চৰকাৰক ডেৰাডুনত নির্মাণ কৰিবলগীয়া সৈন্য ধামত ৰাজ্যখনৰ শ্বহীদৰ নাম আৰু তেওঁলোকৰ গাঁৱৰ নাম সঠিকভাৱে সন্নিৱিষ্ট কৰি শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে আহ্বান জনায়৷

You might also like