নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূর্বাঞ্চলত আয়ুস খণ্ডত উন্নয়নৰ পদক্ষেপ কেন্দ্রীয় মন্ত্রী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: বন্দৰ, জাহাজ, জলপথ আৰু আয়ুস বিভাগৰ মন্ত্রী সর্বানন্দ সোণোৱালে আজি অৰুণাচল প্রদেশত আয়ুস খণ্ডৰ উন্নয়নৰ বাবে গ্রহণ কৰা ভালেমান পদক্ষেপৰ কথা ঘোষণা কৰে৷ উত্তৰ–পূর্বাঞ্চলত আয়ুস খণ্ডৰ উন্নয়নৰ বাবে গ্রহণ কৰা পদক্ষেপৰ অংশবিশেষে কেন্দ্রীয় মন্ত্রীজনাই এই পদক্ষেপ গ্রহণ কৰিছে৷

অৰুণাচল প্রদেশৰ পাচিঘাটস্থিত উত্তৰ–পূব আয়ুর্বেদ আৰু লোকঔষধি গৱেষণা প্রতিষ্ঠানত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে শনিবাৰে ৫৩.৭২ কোটি টকা বিনিয়োগেৰে ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপ গ্রহণৰ কথা ঘোষণা কৰে৷ এই গৱেষণা প্রতিষ্ঠান প্রাংগণতে ৩০খন আসনযুক্ত এখন নতুন আয়ুর্বেদিক মহাবিদ্যালয় আৰু ৬০খন বিছনাযুক্ত এখন নতুন আয়ুর্বেদিক চিকিৎসালয় স্থাপনৰ পদক্ষেপ গ্রহণৰ কথাও ঘোষণা কৰে৷ লগতে এই প্রক্রিয়াৰে প্রত্যক্ষভাৱে অতিৰিক্ত ৮৬টা নিয়োগ সৃষ্টি হ’ব বুলি তেওঁ কয়৷ ভৱিষ্যতে এই স্থানত এটা শিক্ষায়তনিক গৃহ, এটা ছাত্রাৱাস, এটা ছাত্রীনিৱাস আৰু এটা ক্রীডা গৃহ স্থাপন কৰাৰো পৰিকল্পনা আছে বুলি তেওঁ মন্তব্য কৰে৷

সংবাদ মাধ্যমৰ আগত কেন্দ্রীয় মন্ত্রী সোণোৱালে কয় লোক ঔষধ হ’ল পৰম্পৰাগত বিশ্বাস আৰু শুকনি প্রক্রিয়াৰ সংমিশ্রণ৷ উত্তৰ–পূর্বাঞ্চলত লোক ঔষধৰ এক শক্তিশালী প্রচলন বর্তি আছে যাক বিজ্ঞানসন্মতভাৱে অথবা বৈদিক যুগৰ পৰাই প্রচলন হৈ অহা এই ঈশ্বৰপ্রদত্ত ঔষধসমূহৰ সংৰক্ষণ আৰু শ্রীবৃদ্ধিৰ ব্যৱস্থা গ্রহণ কৰিব বিচাৰিছেছা৷ ইয়াৰ বাবে মই এই অঞ্চলত এখন আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল স্থাপনৰ উদ্যোগ ল’বলৈ পাই আনন্দিত হৈছোঁ৷

You might also like