নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীন-ৰাছিয়া-ইৰানৰ নৌসেনাৰ অনুশীলন

তিনি দেশৰ কুচকাৱাজত পাৰস্য উপসাগৰত বৃদ্ধি উত্তেজনা

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ পাৰস্য উপসাগৰীয় অঞ্চলৰ উত্তেজনাক লৈ বিভিন্ন সময়ত আমেৰিকা তথা ইউৰোপীয় দেশসমূহে যুদ্ধংদেহি মনোভাব গ্রহণ কৰি অহাৰ সময়তে এই স্পর্শকাতৰ অঞ্চলটোত ইৰান, চীন আৰু ৰাছিয়াই আজি নৌসেনাৰ যৌথ অনুশীলন আৰম্ভ কৰাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ ভাৰত মহাসাগৰ আৰু ওমান উপসাগৰীয় অঞ্চলত তিনিওখন দেশে এই যৌথ সামৰিক অনুশীলন আৰম্ভ কৰাৰ পিছতে প্রতিক্রিয়া প্রকাশ কৰিছে হোৱাইট হাউছে৷ ইফালে, তিনিওখন দেশৰ নৌসেনাৰ সহযোগিতা আৰু প্রশিক্ষণে প্রতিৰক্ষাত নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মস্কো প্রশাসনে ঘোষণা কৰিছে৷ স্মর্তব্য যে ইৰানৰ চৌদিশে থকা জলৰাশি এতিয়া আন্তর্জাতিক উত্তেজনাৰ কাৰণ হৈ পৰিছে৷ ইৰানৰ খাৰুৱা তেলৰ বাণিজ্যৰ ওপৰত আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰাৰ লগে লগে সমগ্র পাৰস্য উপ–সাগৰীয় অঞ্চলত সঘনে সৃষ্টি হৈছে যুদ্ধৰ আশংকা৷ লক্ষণীয়ভাৱে হৰমুজ প্রণালীৰ সৈতে সম্পর্ক থকা ওমান উপ–সাগৰীয় তিনিখন দেশে এই সামৰিক অনুশীলন চলোৱাৰ পূর্বে আমেৰিকাই ছৌদি আৰবকে ধৰি কেইবাখনো ৰাষ্ট্রক নৌসেনাৰ যৌথ অনুশীলনৰ প্রস্তাৱ আগবঢ়াইছিল৷ কিন্তু আমেৰিকাৰ এই প্রস্তাৱ কার্যকৰী হোৱাৰ পূর্বে ইৰান, চীন আৰু ৰাছিয়াৰ সামৰিক অনুশীলনে অঞ্চলটোলৈ কঢ়িয়াই আনিছে নতুন উত্তেজনা৷ কাৰণ তিনিওখন দেশৰ সৈতে বৈৰিতা আছে হোৱাইট হাউছ প্রশাসনৰ৷ চীন, ৰাছিয়াৰ সৈতে বিভিন্ন সময়ত হোৱাইট হাউছৰ মতানৈক্য চলি অহাৰ উপৰি ইৰানৰ বিৰুদ্ধে হোৱাইট হাউছ প্রশাসনে বিভিন্ন সময়ত সামৰিক অভিযান চলোৱাৰ হুংকাৰ দি আহিছে৷ গতিকে তিনিওখন দেশৰ নৌসেনাৰ এই অনুশীলন আগন্তুক দিনৰ বাবে পাৰস্য উপসাগৰীয় অঞ্চলৰ নতুন আশংকাৰ কাৰণ হ’ব পাৰে৷

You might also like