নিয়মীয়া বাৰ্তা, ৩ মার্চঃ পুৰণি জম্মুৰ বাণিজ্যিক চহৰ ঐতিহাসিক চিটী চ’কৰ নতুন নাম হ’ল ভাৰত মাতা চ’ক৷ বিজেপি নেতৃত্বাধীন জম্মু পৌৰ নিগমে কালি এক প্রস্তাৱ আকাৰে চিটী স্কোৱেৰৰ নাম ৰাখিলে ভাৰত মাতা চ’ক৷ নতুন নামকৰণক লৈ চহৰখনৰ লোকৰ মাজত মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷ বিজেপিৰ জ্যেষ্ঠ নেতা তথা উপ–মেয়ৰ পূর্ণিমা শর্মাই সাংবাদিকৰ আগত প্রকাশ কৰা মতে চাৰি মাহ পূর্বে চহৰখনৰ অধিকাংশ লোকৰ দাবীৰ প্রতি লক্ষ্য কৰি চিটী চ’কৰ নাম ভাৰত মাতা চ’ক হিচাপে নামকৰণৰ প্রস্তাৱ আগবঢ়োৱা হৈছিল ৷ কালি সর্বসন্মতিক্রমে এই সিদ্ধান্তত জম্মু–কাশ্মীৰ পৌৰ নিগমৰ সভাত অনুমোদন জনায়৷ মন কৰিবলগীয়া যে এই চ’ক কেইবাটাও ঐতিহাসিক ঘটনাৰ সাক্ষী ৷ চ’কটোত প্রতিবছৰে গণৰাজ্য আৰু স্বাধীনতা দিৱসত ত্রিৰংগ পতাকা উত্তোলন কৰা হয় ৷
Prev Post