নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰত কেন্দ্রীয় আইন, ছাৰোগেচী (নিয়ন্ত্রণ) বিধেয়কত কেবিনেটৰ অনুমোদন

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় কেবিনেটে বুধবাৰে ৯৬ অনুচ্ছেদৰ অধীনত কেন্দ্রীয়শাসিত ৰাজ্য জম্মু–কাশ্মীৰত কেন্দ্রীয় আইনৰ অনুমোদন দিছে৷ আনহাতে, চৰকাৰে ছাৰোগেচী (নিয়ন্ত্রণ) বিধেয়কতো অনুমোদন কৰিছে৷ কেন্দ্রীয় মন্ত্রী প্রকাশ জভাড়েকাৰ আৰু স্মৃতি ইৰানীয়ে এখন সংবাদ মেলত বুধবাৰে এই কথা জানিবলৈ দিয়ে৷

মন্ত্রী প্রকাশ জাভাড়েকাৰে কয়– ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সভাপতিত্বত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটত জম্মু–কাশ্মীৰ পুনৰ গঠন আইন ২০১৯ৰ ৯৬ অনুচ্ছেদৰ অধীনত কেন্দ্রীয়শাসিত ৰাজ্য জম্মু–কাশ্মীৰত কেন্দ্রীয় আইন গ্রহণত অনুমোদন জনোৱা হয়৷’ আনহাতে, মহিলা আৰু শিশু উন্নয়নমন্ত্রী স্মৃতি ইৰানীয়ে ‘ছাৰোগেচী (নিয়ন্ত্রণ) বিধেয়ক–২০২০’ সন্দর্ভত সাংবাদিকৰ আগত কয় যে কেবিনেটে আজি এই বিলত অনুমোদন জনায়৷ প্রস্তাৱিত এই আইনে ছাৰোগেচী নিয়ন্ত্রণ নিশ্চিত কৰিব৷ এই আইনে বাণিজ্যিক ছাৰোগেচী নিষিদ্ধ কৰি পৰোপকাৰী ছাৰোগেচীক অনুমতি প্রদান কৰিলে৷ আনহাতে, কেবিনেটে আজি বাঘ আৰু অন্যান্য জীৱ–জন্তুৰ সংৰক্ষণ, পেট্র’লিয়াম পণ্য আৰু যোগাযোগকে ধৰি তিনিখন বুজাবুজি চুক্তি ম্যানমাৰৰ সৈতে সম্পন্ন কৰে৷

You might also like