জম্মু–কাশ্মীৰত সন্ত্রাসবাদীৰ দুটাকৈ আক্রমণঃ এজন আৰক্ষী বিষয়াসহ দুজনৰ প্রাণহানি
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ জম্মু–কাশ্মীৰত আজি সন্ত্রাসবাদীয়ে ৩০ মিনিটৰ ব্যৱধানত দুটাকৈ আক্রমণ চলোৱাৰ ফলত এজন আৰক্ষী বিষয়াসহ দুগৰাকী লোক নিহত হৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি সন্ত্রাসবাদীয়ে শ্রীনগৰৰ মার্জানপ’ৰা ঈদগাহ অঞ্চলত প্রথমটো আক্রমণ চলায়৷ এই আক্রমণৰ ঘটনাত ৰৌফ আহমাদ নামৰ এজন অসামৰিক লোক নিহত হয়৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি সন্ত্রাসবাদীয়ে ৰৌফৰ মূৰত গুলীয়াইছিল অতি কম দূৰত্বৰ পৰা৷ গুৰুতৰভাৱে আহত ৰৌফক ততাতৈয়াকৈ এছ এম এইচ এছ হাস্পতাললৈ প্রেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷
দ্বিতীয়টো আক্রমণৰ ঘটনা সংঘটিত হয় অনন্তনাগ জিলাৰ বিজবেহেৰা অঞ্চলত৷ সন্ত্রাসবাদীয়ে নির্বিচাৰভাৱে গুলী চলোৱাৰ ফলত এগৰাকী আৰক্ষী বিষয়া গুৰুতৰভাৱে আহত হয়৷ অতিৰিক্ত আৰক্ষী উপ–পৰিদর্শক মহম্মদ আশ্রাফ নামৰ বিষয়াগৰাকীক সমীপৱর্তী হাস্পতাললৈ নিয়াৰ পথত মৃত্যু হয়৷ দুয়োটা আক্রমণৰ ঘটনা সন্দর্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই বাতৰি যুগুতোৱাৰ পৰলৈ কোনো লোকক গ্রেপ্তাৰ কৰা হোৱা নাই৷