নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰ অশান্ত কৰাৰ ব্লুপ্রিণ্ট আইএছআইৰ

নিয়মীয়া বাৰ্তা, ৬ জুনঃ   সন্ত্রাসবাদী কার্যকলাপ বৃদ্ধিৰে জম্মু–কাশ্মীৰ অশান্ত কৰাৰ পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ ব্লুপ্রিণ্ট ধৰা পেলাইছে ভাৰতীয় চোৰাংচোৱা সংস্থাই৷ পাক অধিকৃত কাশ্মীৰত সন্ত্রাসবাদী শিবিৰত দুর্ধর্ষ সদস্য ভাৰতীয় ভূমিত অনুপ্রৱেশৰ সুযোগ দিবলৈ এল’চিত পাক সেনাই ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘন কৰি আছে৷ ইয়াৰ সমান্তৰালকৈ জম্মু–কাশ্মীৰৰ বিভিন্ন প্রান্তত সন্ত্রাসবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত আক্রমণ চলাই গৈছে৷
অৱশ্যে নিৰাপত্তা বাহিনীয়ে পাকিস্তানৰ পৰা অহা সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছে৷ আই এছ আইৰ ব্লুপ্রিণ্ট মতে জম্মু কাশ্মীৰৰ পুঞ্চ ৰাজৌৰী অঞ্চলত স্থানীয় যুৱকক ধন আৰু ধর্মীয় ধাৰণাৰে সন্ত্রাসবাদী কার্যকলাপত জড়িত কৰি আছে৷ ভাৰতীয় চোৰাংচোৱা সংস্থাই যুগুত কৰা প্রতিবেদনমতে আই এছ আয়ে ভাৰতবিৰোধী মানসিকতাৰ যুৱকক সন্ত্রাসবাদী কার্যকলাপৰ বাবে নিযুক্তি দিছে৷
কেন্দ্রীয়শাসিত অঞ্চলটি অশান্ত কৰি তুলিবলৈ পাকিস্তান প্রশিক্ষিত দুর্ধর্ষ সদস্যক সহায়ৰ বাবে স্থানীয় যুৱকক নিয়োগ কৰিছে৷ লক্ষণীয় যে পাকি অধিকৃত কাশ্মীৰৰ পৰা সন্ত্রাসবাদী ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰিবলৈ চলোৱা কেবাটাও চেষ্টা ব্যর্থ কৰিছে ভাৰতীয় সেনাই৷
You might also like