জাপানৰ নৌসেনালৈ অত্যাধুনিক ছাবমেৰিন
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ লিথিয়াম–আয়ন বেটাৰী শক্তিসম্পন্ন প্রথমখন ছাবমেৰিন লাভ কৰিছে জাপানৰ সেনাই৷ এই নতুন ছাবমেৰিনখন ২০১৮ বর্ষতে মুকলি কৰা হৈছিল যদিও যোৱা সপ্তাহতহে সেৱা আৰম্ভ কৰা হৈছে৷ ক’বেস্থিত মিটছুৱিছি হেভী ইণ্ড্রাষ্ট্রিজৰ তৰফৰ পৰা ইয়াৰ সেৱা আৰম্ভ কৰাৰ লগে লগে জাপানৰ নৌসেনা অত্যাধুনিক প্রযুক্তিৰ ছাবমেৰিন ব্যৱহাৰৰ সুযোগ লাভ কৰা এছিয়াৰ দেশ হিচাপে চিহ্ণিত হৈছে৷ উল্লেখ্য যে আউৰিয়ু নামৰ এই অত্যাধুনিক ছাবমেৰিনখনৰ বিশেষ মেৰামতিৰ কাম নাথাকে৷ ইয়াৰ উপৰি দীর্ঘ দূৰত্ব অতিক্রম কৰিবলৈ ই সময় ল’ব অতি কম৷ অর্থাৎ লিথিয়াম–আয়ন বেটাৰীৰ শক্তিৰ বাবেই এই ছাবমেৰিনখন অন্য ছাবমেৰিনৰ তুলনাত দ্রুতবেগী হ’ব৷ ২৯৫০ পাউণ্ড ওজনৰ ছাবমেৰিনখনে কঢ়িয়াব ৬৫গৰাকী নাবিকক৷ ইয়াৰ উপৰি বৃহৎ পৰিমাণৰ বিস্ফোৰক তথা ৩০–২১ ইঞ্চি হেভীৱেট টর্পেড’ কঢ়িয়াবলৈও সক্ষম হ’ব আউৰিয়ুৱে।