জাল নোট প্ৰস্তুত কৰা সকল সাৱধানঃ আহি গল Mani
নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ আপোনাৰ মনত সদায় ৫০০ টকীয়া অথবা ২০০০ টকা জালী নোট বুলি প্ৰায়েই সন্দেহ উপজে। কেতিয়া কৰবাত জাল নোটও পোৱা যায়। যাৰ পৰিপেক্ষিতত সাধাৰণ জনতাৰ বহু লোকচানৰ সন্মুখীনও হৈছে। এই সকলোবোৰ পৰা পৰিত্ৰাণ পাবলৈ ৰিজাৰ্ভ ৱেংক ইণ্ডিয়াই Mobile Aided Note Identifier নামেৰে এটা মবাইল এপ মুকলি কৰিছে। এই এপটোৰ জৰিয়তে নকল টকা ধৰাত সহায়ক হব। এই এপটোৱে সকলো ধৰণৰ নোট পৰীক্ষা কৰিব পাৰিব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শশিকান্ত দাসে ১ জানুৱাৰীৰ দিনা এই এপটো মুকলি কৰে। এপটোয়ে নোট পৰীক্ষা কৰাৰ পিছত ইংৰাজী অথবা হিন্দী ভাষাত মূল্যাংকন কৰিব। Mani নামেৰে Google play App আৰু iOs App Store উপলব্ধ।