নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ: জি–২০ৰ সভাপতিত্বৰ ল’গো, ৱেবছাইট আজি ভিডিঅ’ কনফাৰেঞ্চিংযোগে মুকলি কৰে প্রধানমন্ত্রী মোদীয়ে৷ জি–২০ৰ সভাপতিত্ব বা প্রেছিডেন্সীৰ ল’গো মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ১৩০ কোটি ভাৰতীয়ৰ বাবে এয়া অতি গৌৰৱৰ মুহূর্ত৷ জি–২০ত সভাপতিত্ব কৰাৰ সুযোগ লাভ কৰি ভাৰতে আন্তর্জাতিক ক্ষেত্রত বিভিন্ন গুৰুত্বপূর্ণ বিষয় সন্দর্ভত অৰিহণা আগবঢ়াবলৈ সক্ষম হ’ব বুলি ইতিমধ্যে বিদেশ মন্ত্রণালয়ৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে৷ উল্লেখনীয় যে ল’গো থিম আৰু জি–২০ৰ প্রেছিডেঞ্চীৰ ৱেবছাইটে ভাৰতৰ বিশ্ববাসীলৈ বিভিন্ন বার্তাৰ প্রতিফলন ঘটাব বুলিও বিদেশ মন্ত্রণালয়ৰ বিবৃতিত উল্লেখ কৰা হৈছে৷ উল্লেখনীয় যে আগন্তুক পহিলা ডিচেম্বৰৰ পৰা জি–২০ৰ সভাপতিত্বৰ দায়িত্ব লাভ কৰিব ভাৰতে৷ ইফালে ইয়াৰ ল’গো মুকলি কৰি আজি প্রধানমন্ত্রীগৰাকীয়্ কৈছে যে এয়া অকল ল’গো নহয়, ইয়াত আছে বার্তা৷ উল্লেখনীয় যে ‘বসুধৈৱ কুটুম্বকম’ হৈছে ভাৰতৰ জি–২০লৈ মূল বার্তা৷