নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুইৰে আপুনিও কৰিব বিচাৰে নেকি চুলিৰ নতুন ষ্টাইল, চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ এখন বিশেষ চেলুন । চেলুনখনত চুলি কাটিবৰ বাবে এজন যুৱকৰ মূৰত দিয়া হৈছে জুই । অৱশ্যে চুলিত জুই ব্যৱহাৰ কৰি কেনেদৰে চুলি কটা হয় তাক লৈয়ো চৰ্চা চলিছে একাংশ যুৱকৰ মাজত ।

ছ’চিয়েল মিডিয়াত চুলি কটাৰ এই বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাচতেই বহুতে কিদৰে এই ধৰণে চুলি কটা হয় বুলিও প্ৰশ্ন উত্থাপন কৰিছে । ভিডিঅ’টোত দেখা গৈছে চুলি কাটি থকাৰ মাজতে যুৱকজনৰ চুলিত জুই লগাই দিয়া হৈছে আৰু নাপিত জনে নিজৰ কাম কৰি গৈছে । তাৰ পিচতো কিন্তু চুলিৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই ।

প্ৰথমে টিকটকৰ জৰিয়তে ভাইৰেল হোৱা এই ভিডিঅ’ এতিয়া সকলোতে বিয়পি পৰিছে । একাংশই আকৌ এনেধৰণে নিজৰ চুলিত নতুন ষ্টাইল দিয়াৰ বাবেও উৎসুক হৈ পৰিছে ।

You might also like