নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাইত অসম-বাংলা সীমান্তৰ স্মাৰ্ট ফেন্স

নতুন দিল্লীত সংবাদ মেলত ঘোষণা বিএছএফৰ সঞ্চালকপ্ৰধানৰ

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ অসমক চুই যোৱা ভাৰত–বাংলাদেশ সীমান্তৰ নদীৰ পাৰত চলি থকা ‘স্মার্ট ফেন্স’ৰ কাম অহা বছৰ জুলাই মাহত সম্পূর্ণ হ’ব৷ এই মন্তব্য প্রকাশ কৰিছে ভাৰতীয় সীমান্ত নিৰাপত্তা বাহিনী, চমুকৈ বি এছ এফৰ সঞ্চালকপ্রধান ভি কে জোহৰীয়ে৷ তেওঁ কয় যে সীমান্তৰ নদীৰ পাৰত এই ‘স্মার্ট ফেন্স’ৰ প্রকল্প সম্পূর্ণ হোৱাৰ ক্ষেত্রত চলিত বর্ষত হোৱা ভয়াৱহ বান, বৰষুণৰ বাবে ছমাহ পলম হ’ল৷ পূর্বতে এই প্রকল্পৰ কাম ২০১৯ চনৰ ডিচেম্বৰ অর্থাৎ চলিত মাহতে সম্পূর্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল৷ ব’ডাৰ গার্ডছ বাংলাদেশৰ সঞ্চালকপ্রধান মেজৰ জেনেৰেল ছাফিনুল ইছলামৰ সৈতে নতুন দিল্লীত এখন সংবাদ মেলত অংশ লৈ বি এছ এফৰ সঞ্চালকপ্রধানজনে এই কথা ব্যক্ত কৰে৷ সীমান্তৰ নদীৰ পাৰত কৰি থকা এই ‘স্মার্ট ফেন্স’ৰ কাম অসমৰ ধুবুৰীৰ পৰা ব্রহ্মপুত্রৰ দুয়োপাৰে ৫৫ কিলোমিটাৰ জুৰি কৰি থকা হৈছে৷ এই স্মার্ট ফেন্সত আছে প্রযুক্তিগত পর্যবেক্ষণ আৰু এলার্মৰ ব্যৱস্থা৷ ইফালে এই সংবাদ মেলত অংশ লৈ বিজিবিৰ সঞ্চালকপ্রধান ছাফিনুল ইছলামে কয় যে এন আৰ চি ভাৰত চৰকাৰৰ সম্পূর্ণ আভ্যন্তৰীণ বিষয়৷ বাংলাদেশৰ সেনাই ভাৰতলৈ অবৈধ অনুপ্রৱেশত বাধা দিবলৈ কাম কৰি যাব বুলিও ইছলামে মন্তব্য কৰে৷

You might also like