টুইটাৰ ক্রয় কৰি ধনকুবেৰ মাস্কৰ টুইট–‘পক্ষী এতিয়া মুক্ত’
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: অৱশেষত বহু উৎকণ্ঠাৰ পিছত মাইক্র’ব্লগিং ছাইট টুইটাৰ নিজৰ নিয়ন্ত্রণলৈ আনিলে ধনকুবেৰ এলন মাস্কে৷ টেছলা কোম্পানীৰ মালিক তথা বিশ্বৰ আটাইতকৈ সমৃদ্ধিশালী মাস্কে টুইটাৰ নিজৰ দখললৈ আনি টুইটত ‘স্বাধীনতা’ৰ বার্তা দিলে৷ মাস্কে লিখি দিছে ‘পক্ষী এতিয়া মুক্ত’৷ প্রসংগক্রমে উল্লেখনীয় যে টুইটাৰৰ লগত নীলা ৰঙৰ এটা পক্ষীৰ ছবি আছে৷ ইফালে, টুইটাৰ নিজৰ নিয়ন্ত্রণলৈ অনাৰ পিছত সংস্থাটোৰ চিই’ পৰাগ আগৰৱালা, চিএফ’ নেড ছেগালক চাটাই কৰিছে মাস্কে৷ এই ঘটনাপ্রৱাহৰ মাজতে এলন মাস্কৰ ‘দ্য বার্ড ইজ ফ্রীড’ অর্থাৎ পক্ষী এতিয়া মুক্ত টুইট বার্তাই বিশেষ তাৎপর্য কঢ়িয়াইছে৷
লক্ষণীয়ভাৱে টুইটাৰত যিকোনো বিষয়ক লৈ ইয়াৰ ব্যৱহাৰকাৰীসকলৰ্ মত প্রকাশৰ ক্ষেত্রত যি স্বাধীনতা আছিল, মাস্কৰ হাতলৈ ইয়াৰ মালিকানা যোৱাৰ লগে লগে সেই স্বাধীনতা থাকিব নে নাই, তাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে সংশয়৷ অর্থাৎ টুইটাৰৰ পৰিণতি ভৱিষ্যতে কি হ’ব তাক লৈ একাংশই সন্দেহ প্রকাশ কৰি আছে৷ কাৰণ কালি মাস্কে উল্লেখ কৰিছিল যে টুইটাৰ কেতিয়াও সম্পূর্ণৰূপে মুক্ত নহয়৷