নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ আহমেদাবাদৰ নৱনির্মিত চর্দাৰ বল্লভভাই পেটেল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ‘নমস্তে ট্রাম্প’ কার্যসূচীৰ এদিন পূর্বে এক অঘটন সংঘটিত হয়৷
সোমবাৰে পুৱা ষ্টেডিয়ামৰ ভি ভি আই পিৰ প্রৱেশ তোৰণখন ধুমুহাৰ বাবে খহি পৰে৷ এই সমগ্র ঘটনাটো স্থানীয় টেলিভিছনত প্রচাৰ হোৱাত তীব্র প্রতিক্রিয়া সৃষ্টি হয়৷ এই তোৰণখন নির্মাণ কৰা হৈছিল ষ্টীল, ৰডেৰে৷ কিছু সময়ৰ পাছত আয়োজকসকলে তীব্র ধুমুহাত ভাগি পৰা তোৰণখনৰ স্থানত আন এখন প্রৱেশ তোৰণ সাজি উলিয়ায়৷ অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই৷