নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহা ২৪ ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণলৈ আহিব । এই যাত্ৰাত তেওঁক সংগ দিব তেওঁৰ পত্নী তথা আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পে । এই ভাৰত ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে দিল্লীৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ গৃহচহৰ গুজৰাটৰ আহমেদাবাদো ভ্ৰমণ কৰিব । ইপিনে তেওঁক আদৰিবলৈ বৰ্তমান যুদ্ধংদেহী প্ৰস্তুতি চলা দেখা গৈছে ।
কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ আগমণৰ লগে লগে এজন লোক এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে । কিয়নো শুনিবলৈ আচৰিত লাগিলেও এয়া সঁচা যে এই বিশেষ লোকজনে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সদায় পুৱা ভগৱানৰ দৰে পূজা কৰে । তেলেংগানাৰ কোন্নীৰ নিবাসী বুছা কৃষ্ণা নামৰ এই লোকজনে বিগত বহু বছৰৰ পৰা নিজৰ ঘৰত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক ইষ্ট দেৱতা ৰূপে জ্ঞান কৰি পূজা কৰি আহিছে ।
মনকৰিবলগীয়া যে বুছা কৃষ্ণাই নিজৰ ঘৰত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এক মূৰ্তি তৈয়াৰ কৰি লৈছে । য’ত তেওঁ প্ৰত্যেক দিনাই পূজা কৰি আহিছে ।
ইফালে নিজকে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এজন ভক্ত বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণৰ সময়ত তেওঁক এবাৰ লগ কৰাবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে ।