নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰত দেশত নিবনুৱাৰ হাৰ ৭.৭ শতাংশলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ অৰ্থনৈতিক জটিলতা আৰু ঔদ্যোগিক বিকাশৰ হাৰ নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিততে সংস্থাপনত নেতিবাচক প্ৰভাৱ পৰিছে । বিগত বৰ্ষৰ নৱেম্বৰৰ তুলনাত ডিচেম্বৰত নিবনুৱাৰ হাৰ বৃদ্ধি পোৱাটোতে সেয়া প্রতিফলিত হৈছে৷ দেশৰ মুঠ ঘৰুৱা উৎপাদন ৫ শতাংশ নিম্নগামী হোৱাৰ সমান্তৰালকৈ ঔদ্যোগিক ক্ষেত্রখনত নেতিবাচক প্রভাৱ পৰাৰ ফলতেই দেশব্যাপী নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে৷ চেণ্টাৰ ফ’ৰ মনিটৰিং ইণ্ডিয়ান ইক’নমীৰ (চি এম আই ই) তথ্য মতে ডিচেম্বৰ মাহত নিবনুৱাৰ হাৰ ৭.৭ শতাংশলৈ বৃদ্ধি পাইছে৷

২০১৯ বর্ষৰ নৱেম্বৰ মাহত ৭.৪৮ শতাংশ নিবনুৱাৰ হাৰ আছিল যদিও ডিচেম্বৰত ইয়াৰ হাৰ ৭.৭ শতাংশলৈ বৃদ্ধি হৈছে৷ গুৰুত্বপূর্ণ যে অক্টোবৰ, ২০১৯ত তিনি বছৰৰ ভিতৰত সর্বোচ্চ ৮.৪৫ শতাংশ নিবনুৱাৰ হাৰে কেন্দ্রীয় চৰকাৰক উদ্বিগ্ণ কৰি ৰখাৰ পাছত নৱেম্বৰ মাহত ১ শতাংশ বৃদ্ধি পালেও ডিচেম্বৰত পুনৰ নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে৷ চি এম আই ইৰ তথ্য মতে, নিবনুৱাৰ ৰাষ্ট্রীয় গড় হাৰতকৈ চহৰ অঞ্চলত নিবনুৱাৰ হাৰ অধিক৷

দেশত চলি থকা মন্দাৱস্থাৰ বাবেই বিনিয়োগকাৰীৰ বিনিয়োগত অনিহাৰ ফলত চহৰ অঞ্চলত নিবনুৱাৰ হাৰ বৃদ্ধি পাইছে৷ আনপিনে নৱেম্বৰ মাহত গ্রামাঞ্চলত নিবনুৱাৰ হাৰ ৬.৮২ শতাংশ আছিল যদিও ডিচেম্বৰত এই হাৰ ৭.১৩ শতাংশলৈ বৃদ্ধি পাইছে৷ ৰাষ্ট্রীয় গড় হাৰৰ তুলনাত গ্রামাঞ্চলত নিবনুৱাৰ হাৰ সামান্য কম৷ গুৰুত্বপূর্ণ যে বিজেপি তথা বিজেপিৰ সহযোগী দলৰ দ্বাৰা শাসিত ১০খন ৰাজ্যৰ ভিতৰত ৬খনতেই নিবনুৱাৰ হাৰ সর্বাধিক৷ তথ্য মতে ত্রিপুৰা, হাৰিয়ানা আৰু হিমাচল প্রদেশত নিবনুৱাৰ হাৰ ২০ শতাংশতকৈ অধিক৷ অৱশ্যে বিজেপিশাসিত কর্ণাটক আৰু অসমত তুলনামূলকভাৱে নিবনুৱাৰ হাৰ কম৷

এই দুয়োখন ৰাজ্যত নিবনুৱাৰ হাৰ ০.৯ শতাংশ বৃদ্ধি পাইছে৷ ত্রিপুৰাত সর্বাধিক ২৮.৬ শতাংশ আৰু হাৰিয়ানাত ২৭.৬ শতাংশ৷ আনহাতে, দিল্লীত নৱেম্বৰৰ তুলনাত ডিচেম্বৰত নিবনুৱাৰ হাৰ হ্রাস পাইছে৷ দিল্লীত নৱেম্বৰত নিবনুৱাৰ হাৰ ১৬ শতাংশ থকাৰ বিপৰীতে ডিচেম্বৰত এই হাৰ ১১.২ শতাংশলৈ নিম্নগামী হৈছে৷ চি এম আই ইৰ তথ্য মতে, ২০১৮ চনৰ ডিচেম্বৰৰ পাছত দেশৰ ৰাজধানী দিল্লীত নিবনুৱাৰ হাৰ নিম্নগামী হৈছে৷ হিমাচল প্রদেশত ২০.২ শতাংশ, ঝাৰখণ্ডত ১৭.৭ শতাংশ, বিহাৰ আৰু উত্তৰ প্রদেশত ক্রমে নিবনুৱাৰ হাৰ ১১.১ শতাংশ আৰু ৯.৪ শতাংশ৷ কর্ণাটক আৰু অসমত নিবনুৱাৰ হাৰ ১ শতাংশৰ তলত থকাৰ বিপৰীতে তেলেংগানাত ২.২ শতাংশ, মেঘালয়ত ২.৫ শতাংশ, ছিকিমত ৩.৩ শতাংশ, মধ্যপ্রদেশ, মহাৰাষ্ট্র আৰু গুজৰাটত ক্রমে ৩.৯ শতাংশ, ৪.৭ শতাংশ আৰু ৪.৪ শতাংশ৷

You might also like