নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি শতাধিক নার্ছে এৰিলে চাকৰি, সংকটত বংগ

নিয়মীয়া বাৰ্তা, ১৮ মেঃ ক’ভিড–১৯ যুঁজ অব্যাহত থকাৰ সময়তে তিনিশতকৈ অধিক নার্ছে চাকৰি ত্যাগ কৰাৰ ফলত সংকটত পৰিছে পশ্চিমবংগৰ স্বাস্থ্য খণ্ড৷ তথ্য মতে, উত্তৰ–পূবৰ ৰাজ্য মণিপুৰ, ত্রিপুৰাকে ধৰি দেশৰ বিভিন্ন প্রান্তৰ তিনি শতাধিক নার্ছে কলকাতাৰ ব্যক্তিগত চিকিৎসালয়ত কর্মৰত হৈ আছিল৷ কিন্তু ক’ভিড–১৯ যুঁজ চলি থকাৰ মাজতে উল্লিখিত নার্ছসকলে চাকৰি ত্যাগ কৰাক লৈ সংকটত পৰিছে হাস্পতালসমূহ৷ এই সন্দর্ভত ৰাজ্যখনৰ মুখ্য সচিব ৰাজীৱ সিংহাৰ হস্তক্ষেপ বিচাৰি পত্র প্রেৰণ কৰিছে এছ’চিয়েচন অৱ হাস্পতাল অৱ ইষ্টার্ন ইণ্ডিয়াই৷

চাকৰি এৰা নার্ছৰ ভিতৰত মণিপুৰৰ–৯২, ত্রিপুৰাৰ–৪৩, ওড়িশাৰ–৩২, ঝাৰখণ্ডৰ–২৷ গুৰুত্বপূর্ণ বিগত সপ্তাহতো ১৮৫গৰাকী মণিপুৰৰ নার্ছে চাকৰি এৰিছিল৷ কি কাৰণত কলকাতাত নার্ছসকলে চাকৰি এৰিলে, সেই সন্দর্ভত বিতং তথ্য কর্তৃপক্ষই প্রকাশ কৰা নাই যদিও চর্চা মতে নিজ নিজ ৰাজ্যত নার্ছক লোভনীয় দৰমহা প্রদান কৰাৰ বাবেই চাকৰি এৰি গৃহমুখী হৈছে৷

উল্লেখ্য যে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে ফেচবুকত মণিপুৰৰ চাকৰি ত্যাগী নার্ছক দৰমহা প্রদান কৰা বিষয়টো অস্বীকাৰ কৰিছে৷

You might also like