নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিহাৰ কাৰাগাৰ কর্তৃপক্ষই ৪ দোষীৰ পৰিয়াললৈ প্ৰেৰণ কৰিলে পত্ৰ, পিচে কি লিখিলে এই পত্ৰত ?

নিয়মীয়া বাৰ্তা ২৪ জানুৱাৰীঃ দেশ কঁপোৱা নিৰ্ভয়া গণধৰ্ষণ গোচৰৰ চাৰি নৰপিশাচক অহা ১ ফেব্ৰুৱাৰীত ফাঁচিকাঠত ওলমোৱা হ’ব । দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা এই চাৰি দোষীক ফাঁচি দিবলৈ কাৰাগাৰ কর্তৃপক্ষই সকলো যাৱতীয় প্রস্তুতি সাজু কৰি ৰাখিছে ৷

ইতিমধ্যে তিহাৰ কাৰাগাৰ কর্তৃপক্ষই ৪ জন দোষীৰ পৰিয়াললৈ পত্ৰ প্ৰেৰণ কৰিছে । এক সূত্ৰৰ খবৰ অনুসৰি এই পত্ৰখনত লিখা হৈছে- অহা ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ৪ জন দোষীকে ফাঁচিকাঠত ওলমোৱা হ’ব । গতিকে তাৰ পূৰ্বেই পৰিয়ালৰ সদস্যসকলে যদি তেওঁলোকক অন্তিমবাৰৰ বাবে সাক্ষাৎ কৰিব বিচাৰে তেন্তে কৰিব পাৰে ।

উল্লেখ্য যে ৪ জন দোষীয়ে মৃত্যুৰ পৰৱানা লাভ কৰাৰ পাছত নিৰবে বহি ৰৈছে । লগতে তেওঁলোকক বাৰে বাৰে তিহাৰ কাৰাগাৰ কর্তৃপক্ষই শেষ ইচ্ছাৰ বিষয়ে সোধপোছ কৰি থকাৰ চত্তেও এই পৰ্যন্ত তেওঁলোকে নিজৰ শেষ ইচ্ছানো কি সেই বিষয়ে মুখ খোলা নাই ।

You might also like