নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেওঁলোক পশুতুল্য, মানুহ নহয়ঃ জল্লাদ পৱন

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ২০১২ চনৰ নির্ভয়া গণধর্ষণত অভিযুক্ত চাৰি অপৰাধীৰ প্রতি কণমানো সহানুভূতি নাই জল্লাদ পৱনৰ ৷ ১ ফেব্রুৱাৰীত এই পৱন জল্লাদেই চাৰি অভিযুক্তক ফাঁচিকাঠত ওলমাব ৷ ‘মৃত্যুৰ দিশে আগবঢ়া এইকেইজন লোক পশুতুল্য, মানুহ নহয় ৷’– উত্তৰ প্রদেশৰ মীৰাট নিৱাসী পৱনে কয় এইদৰে ৷ ৫৪ বছৰীয়া জল্লাদজনে আৰু কয় যে তেওঁলোক নির্দয়ী, যাৰ বাবে তেওঁলোকে নিজৰ প্রাণ হেৰুৱাবলৈ গৈ আছে ৷’ উল্লেখ্য যে দিল্লীত সংঘটিত ভয়ানক গণধর্ষণ আৰু হত্যাত জড়িত চাৰি অভিযুক্তৰ ফাঁচিৰ অপেক্ষাত দেশবাসী ৷

You might also like