নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলিত নেতাৰে বৈঠকত বহিব বিজেপি

বৈঠকত বহিব বিজেপি

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশৰ সর্বস্তৰৰ জনসাধাৰণে প্রতিবাদ অব্যাহত ৰখাৰ সময়তে ভাৰতীয় জনতা পার্টীয়ে দেশৰ দলিত সম্প্রদায়ৰ নেতাসকলক এই আইনৰ উপযোগিতা বুজোৱাৰ লক্ষ্য লৈছে৷ এই লক্ষ্যৰে কাইলৈ নতুন দিল্লীত বিজেপিৰ কার্যকৰী সভাপতি জে পি নাড্ডাৰ অধ্যক্ষতাত এখন বিশেষ বৈঠক আহ্বান কৰা হৈছে৷ এই বৈঠকত অনুসূচিত জাতিৰ সকলো বিজেপি সাংসদৰ লগতে এই সম্প্রদায়ক প্রতিনিধিত্ব কৰা দেশৰ বিশিষ্ট ব্যক্তি আৰু জনপ্রতিনিধি উপস্থিত থকাৰ কথা আছে৷ বিশেষকৈ বিজেপিয়ে এই বৈঠকলৈ দেশৰ আগশাৰীৰ অনুসূচিত জাতিৰ বুদ্ধিজীৱী, চিকিৎসক, শিক্ষাবিদ আৰু বিভিন্ন ক্ষেত্রত পেছাদাৰী ব্যক্তিক আমন্ত্রণ জনোৱা বুলি জানিব পৰা গৈছে৷ কেন্দ্রীয় চৰকাৰে নতুনকৈ প্রণয়ন কৰা নাগৰিকত্ব সংশোধনী আইনখনে অনুসূচিত জাতিৰ লোকসকলক কিদৰে উপকৃত কৰিব, সেয়া ব্যাখ্যা কৰাৰ উদ্দেশ্যে বিজেপিয়ে এই বিশেষ বৈঠকৰ আহ্বান জনাইছে৷ দলটোৰ এক সূত্রই আজি দাবী কৰে যে পাকিস্তানত ধর্মীয় নির্যাতনৰ বলি হৈ বৃহৎ পৰিমাণৰ অনুসূচিত জাতি–জনজাতিৰ লোক ভাৰতলৈ আহিছিল৷ এই আইনৰ জৰিয়তে তেওঁলোক উপকৃত হ’ব৷ মন কৰিবলগীয়া যে ধর্মীয় নির্যাতনৰ সন্মুখীন হৈ ২০১৪ৰ ৩১ ডিচেম্বৰৰ পূর্বে ভাৰতত প্রৱেশ কৰা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ লোকক ভাৰতীয় নাগৰিকত্ব প্রদান কৰিবলৈ এনডিএ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন প্রণয়ন কৰিছে৷