দিল্লীত ‘গুলী মাৰো’ শ্লোগানঃ ৬জনক আটক
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ক্রমাৎ স্বাভাৱিক হোৱাৰ দিশে দেশৰ ৰাজধানী নতুন দিল্লী৷ যোৱা ২৫ ফেব্রুৱাৰীৰ পৰা ২৭ ফেব্রুৱাৰীলৈকে অগ্ণিগর্ভত পৰিণত ৰাজধানী চহৰখনৰ উত্তৰ–পূব জিলা শান্ত হৈ উঠিছে৷ দিল্লীৰ হিংসাত এগৰাকী আৰক্ষী জোৱানসহ ৪২জন লোকৰ প্রাণহানি হোৱাৰ লগতে ২৫০জনতকৈও অধিক লোক আহত হয়৷ শান্ত হৈ উঠা দিল্লীত আজি পুনৰ ৰাজীৱ চ’ক ষ্টেচনত ৬ যুৱকে সাময়িকভাৱে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে৷ ৰাজীৱ চ’ক মেট্র’ ষ্টেচনত ছজন যুৱকে ‘গুলী মাৰো’ শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে যদিও কিছুসময় পাছতে দিল্লী মেট্র’ ৰে’ল আৰক্ষীয়ে যুৱককেইজনক আটক কৰে৷ বগা টি–ছার্ট আৰু মূৰত কমলা ৰঙৰ কাপোৰ পৰিধান কৰা যুৱককেইজনে ‘দেশ কে গড্ডাৰকো গুলী মাৰো’ শ্লোগান দি পৰিস্থিতি উত্তাল কৰিব খোজোঁতে দিল্লী মেট্র’ৰ কর্মচাৰী আৰু যুৱককেইজনক আটক কৰে৷ দিল্লী মেট্র’ ৰে’ল কর্প’ৰেচন লিমিটেড (ডি এম আৰ চি)–এ প্রকাশ কৰা মতে আজি পুৱা ১০.৫২ বজাত ৰে’লৰ ছজন যাত্রীয়ে ৰাজীৱ চ’ক ষ্টেচনত বিতর্কিত ‘গুলী মাৰো’ শ্লোগান দি থাকোঁতেই ৰে’ল আৰক্ষীয়ে বাধা প্রদান কৰি আটক কৰে৷ উল্লেখ্য যে দিল্লী বিধানসভা নির্বাচনৰ সময়ত কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে এখন নির্বাচনী সভাত ‘দেশ কি গড্ডাৰকো গুলী মাৰো’ শীর্ষক শ্লোগান দি বিতর্কৰ মাজত সাঙোৰ খাই পৰিছিল৷ আন এগৰাকী বিজেপি নেতা তথা দিল্লীৰ বিধায়ক অভয় বার্মায়ো উক্ত সময়ত এই শ্লোগানটো দি ৰাজপথলৈ ওলাই আহি ভোটভিক্ষা কৰিছিল৷ এই শ্লোগানটোৰ উচটনিতেই নির্বাচনৰ পাছত যোৱা ২৫ ফেব্রুৱাৰীৰ পৰা ২৭ ফেব্রুৱাৰীলৈকে দিল্লীত ভয়ানক হিংসাত্মক কার্যকলাপ সংঘটিত হৈছিল৷ শান্ত হৈ পৰা দিল্লীত পুনৰ তেনে শ্লোগান দিয়া যুৱকক আটক কৰা ঘটনাই তাৎপর্য বহন কৰিছে৷