নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ অহা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰতত আজি দ্বিতীয়টো দিন । আজিৰ পুৱাই ৰাজঘাটত উপস্থিত হৈ সপত্নীক জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।
Delhi: President Ram Nath Kovind, his wife Savita Kovind and PM Narendra Modi receive US President Donald Trump and the First Lady Melania Trump at Rashtrapati Bhavan. pic.twitter.com/3NKozPI644
— ANI (@ANI) February 25, 2020
কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতিৰ এই ভাৰত ভ্ৰমণৰ সময়তে সোমবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী ফৈদ আৰু সমৰ্থকৰ দলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ।
এই সংঘৰ্ষত এজন হেড কনিষ্টবলসহ প্ৰায় ৪ জন লোক নিহত হয় । ৰাজধানী দিল্লীৰ উত্তৰ-পূব অঞ্চলৰ জেফাৰাবাদ, মোজপুৰ, শ্বানবাগ, ভজনপুৰা আদি অঞ্চলত বিয়পি পৰে হিংসাত্মক ঘটনা । য’ত প্ৰতিবাদকাৰীসকলে জ্বলাই দিয়ে পেট্ৰ’ল পাম্প, দোকান-পোহাৰ আৰু বাহন ।
কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই ভাৰতভ্ৰমণ কাৰ্যসূচীৰ মাজতে হোৱা হিংসাত্মক কাৰ্যক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে ।
ইপিনে এই ঘটনাৰ পাছতে ৰাজধানী দিল্লীত এতিয়া কঠোৰ কৰা হৈছে নিৰাপত্তা ব্যৱস্থা । যাতে আজিৰ দিনটোত পুনৰ এনে হিংসাত্মক ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিছে দিল্লী চৰকাৰে । আনহাতে উত্তৰ-পূব দিল্লীত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৮ টাকৈ চিআৰপিএফ বাহিনীক মোতায়েন কৰিছে ।
Delhi: Latest visuals from Khajuri Khas and Bhajanpura, where violence and arson were reported yesterday. Police deployed in the area and section 144 has been imposed. #NortheastDelhi pic.twitter.com/QhZ3wuKtZ6
— ANI (@ANI) February 25, 2020
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত দুপৰীয়া ১২ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে । এই সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী কেজৰিৱালে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সমগ্ৰ ঘটনা সংক্ৰান্তত গৃহমন্ত্ৰীক অৱগত কৰা বুলি উল্লেখ কৰি পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে বুলি মন্তব্য কৰে ।
Delhi: Union Home Minister Amit Shah is chairing a meeting with Delhi CM Arvind Kejriwal, Lt Governor Anil Baijal, Police Commissioner Amulya Patnaik, Congress leader Subhash Chopra, BJP leaders Manoj Tiwari & Rambir Singh Bidhuri and others. #NortheastDelhi pic.twitter.com/iz2ohNeSNo
— ANI (@ANI) February 25, 2020
উল্লেখ্য যে বৰ্তমান এই সংঘৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ ৭ জন হৈছে ।