নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ অহা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰতত আজি দ্বিতীয়টো দিন । আজিৰ পুৱাই ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ পাছত পত্নী তথা ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পে দিল্লীস্থিত এখন চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰে ।
ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পে এই বিদ্যালয়খনত আপ চৰকাৰৰ আঁচনিৰ অন্তৰ্ভুক্ত হেপ্পীনেছ ক্লাছ (Happiness Class) ৰ বিষয়ে বুজ লয় । লগতে ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীৰ সৈতে মতবিনিময় কৰে ।
#WATCH Delhi: First Lady of the United States, Melania Trump interacts with students and teachers at Sarvodaya Co-Ed Senior Secondary School in Nanakpura. pic.twitter.com/Tjn7t7dnAK
— ANI (@ANI) February 25, 2020
দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত প্ৰতি দিনাই ৪৫ মিনিটকৈ সময় এই হেপ্পীনেছ ক্লাছ কৰা হয় । য’ত প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণীলৈকে ধ্যান (meditation) কৰোৱা হয় ।
উল্লেখ্য যে প্ৰায় ডেৰ বছৰ পূৰ্বে দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ নেতৃত্বত এই হেপ্পীনেছ ক্লাছৰ প্ৰথম আৰম্ভ কৰা হৈছিল ।