নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ বিমানবন্দৰত খাদ্যৰ টোপোলাত ৪৫ লাখৰ বিদেশী মুদ্রাসহ গ্রেপ্তাৰ ১

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ নিশ্ছিদ্র নিৰাপত্তাৰ মাজতে বিমানযাত্রীয়ে খাদ্য সামগ্রীৰ টোপোলাত ৪৫ লাখ টকা মূল্যৰ বিদেশী মুদ্রা গোপনে কঢ়িয়াই অনা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দিল্লীত৷ দেশৰ ৰাজধানী মহানগৰখনৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত এই ৪৫ লাখ টকা মূল্যৰ বিদেশী মুদ্রা সৰবৰাহ কৰিবলৈ প্রচেষ্টা চলোৱা সময়তে চিআইএছএফৰ জোৱানে লোকজনক গ্রেপ্তাৰ কৰে৷ মুৰাদ আলম নামৰ লোকজনে বাদাম, বিস্কুট তথা অন্যান্য খাদ্য–সামগ্রীৰ টোপোলাত এই বিদেশ মুদ্রাবোৰ লুকুৱাই আনিছিল৷ চিআইএছএফে লোকজনৰ পৰা বিদেশী মুদ্রাৰ নোট তথা অন্যান্য সামগ্রী জব্দ কৰাৰ পিছতে ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷

স্মর্তব্য যে দিল্লীৰ পৰা ডুবাই অভিমুখে যাত্রা কৰাৰ চেষ্টা চলাইছিল মুৰাদ আলমে৷ চিআইএছএফে আলমক গ্রেপ্তাৰ কৰাৰ পিছতে শুল্ক বিভাগৰ হাতত হস্তান্তৰ কৰা হৈছে৷ ইয়াৰ পূর্বেও দিল্লীৰ আন্তর্জাতিক বিমানবন্দৰত বিদেশী মুদ্রা তথা ড্রাগ্ছ সৰবৰাহৰ প্রচেষ্টা চলোৱা কেইবাজনো লোকক গ্রেপ্তাৰ কৰা হৈছিল৷ দেশৰ ৰাজধানী মহানগৰখনৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনী ভেদ কৰি অপৰাধীয়ে এনেদৰে বিদেশলৈ ড্রাগ্ছ তথা অন্য দেশৰ মুদ্রা সৰবৰাহৰ প্রচেষ্টা চলোৱা ঘটনাক লৈ সংবাদ মাধ্যমত সঘনে চর্চা চলি আহিছে৷ অৱশ্যে শেহতীয়া এই ঘটনা সন্দর্ভত সবিশেষ তথ্য সদৰী কৰা নাই চিআইএছএফে৷ শুল্ক বিভাগৰ বিষয়াৰ উপৰি দিল্লী আৰক্ষীয়ে মুৰাদ আলমক জেৰা কৰি আছে৷ কোনো ইছলামিষ্ট সন্ত্রাসবাদী সংগঠনৰ সৈতে আলমৰ সম্পর্ক আছে নেকি সেই তথ্য জানিবলৈ প্রচেষ্টাও চলাইছে দিল্লী আৰক্ষীয়ে৷

You might also like