নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ দিল্লী উচ্চ ন্যায়ালয়ে বুধবাৰে নির্ভয়া ধর্ষণ–হত্যাকাণ্ড গোচৰৰ চাৰি দোষীক একেলগে ফাঁচি দিবলৈ নির্দেশ দিয়ে৷ তদুপৰি এসপ্তাহৰ ভিতৰতে সকলো আইনী প্রক্রিয়া সমাপ্ত কৰিবলৈ নির্দেশ দিয়াৰ লগতে এসপ্তাহৰ পাছত কাৰাগাৰ কর্তৃপক্ষক ফাঁচিৰ পদক্ষেপ গ্রহণ কৰিবলৈও নির্দেশ দিয়ে উচ্চ ন্যায়ালয়ে৷
দিল্লী সত্র আদালতে চাৰি দোষী মুকেশ সিং, বিনয় শর্মা, পৱন গুপ্তা আৰু অক্ষয় ঠাকুৰলৈ জাৰি কৰা মৃত্যু পৰোৱানা স্থগিত ৰখাৰ পাছত সত্র ন্যায়ালয়ক প্রত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্রীয় চৰকাৰে ফাঁচিৰ হুকুম কার্যকৰী কৰিবলৈ আবেদন জনাইছিল৷ সেই আবেদনৰ শুনানি গ্রহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কুমাৰ কাইটে নির্ভয়াৰ গোচৰ এক নৃশংস অপৰাধ, তাত কোনো দ্বিধা নাই বুলি প্রকাশ কৰি চাৰি দোষীক এতিয়াও উপলব্ধ আইনী প্রক্রিয়া গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ অৱশ্যে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে এসপ্তাহৰ ভিতৰতে এই আইনী প্রক্রিয়া সমাপ্ত কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে৷
এসপ্তাহৰ পাছতেই কাৰাগাৰ কর্তৃপক্ষই একেলগে চাৰিও দোষীক ফাঁচিৰ হুকুম কার্যকৰী কৰিবলৈও নির্দেশ দিয়ে৷
উল্লেখ্য যে যোৱা ৩১ জানুৱাৰীত ফাঁচিৰ হুকুমৰ মৃত্যু পৰোৱানা জাৰি কৰাৰ নির্দেশ দিল্লীৰ পাটিয়ালা হাউছ ক’টৰ অতিৰিক্ত সত্র বিচাৰপতি ধর্মেন্দ্র ৰাণাই স্থগিত ৰাখিছিল৷ ১ ফেব্রুৱাৰীত ফাঁচি দিয়াৰ পূর্বে পাটিয়ালা হাউছ ক’টৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কেন্দ্রীয় চৰকাৰে ছলিচিটৰ তুষাৰ মেহতাৰ জৰিয়তে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল৷ সেই আবেদনৰ শুনানি গ্রহণ কৰি আইনী প্রক্রিয়াৰ বাবে বিলম্ব হৈ থকা ফাঁচিৰ হুকুম কার্যকৰী কৰাত এসপ্তাহ সময় দিয়ে উচ্চ ন্যায়ালয়ে৷
কালি দিল্লী উচ্চ ন্যায়ালয়ে এসপ্তাহৰ ভিতৰত সকলো আইনী প্রক্রিয়া সমাপ্ত কৰি এসপ্তাহৰ পাছত চাৰি দোষীক একেলগে ফাঁচি দিবলৈ নির্দেশ দিয়াৰ পাছতে আদালতৰ এই সিদ্ধান্তক আদৰণি জনাইছে নির্ভয়াৰ মাতৃ আশা দেৱীয়ে৷ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ পাছতেই নির্ভয়াৰ মাতৃ আশা দেৱীয়ে কয়– মই উচ্চ ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছোঁ৷ চাৰি দোষীৰ হাতত থকা সকলো আইনী প্রক্রিয়া এসপ্তাহৰ ভিতৰত সমাপ্ত কৰিবলৈ নির্দেশ দিছে৷ ইয়াৰ পাছতেই দোষীক শীঘ্র ফাঁচি কাঠত ওলমাব লাগে৷ ইফালে, নির্ভয়া গণধর্ষণ আৰু হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত অক্ষয় সিং ঠাকুৰৰ ক্ষমাৰ আবেদন নাকচ কৰিছে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷ যোৱা শনিবাৰে অক্ষয়ে এই আবেদন দাখিল কৰিছিল৷