নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী নির্বাচনঃ জয়ী হ’লে দিল্লীত নামঘৰ নির্মাণ কৰিব বিজেপিয়ে

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ দিল্লীৰ সমাগত বিধানসভা নির্বাচনত বিজেপি জয়ী হ’লে ৰাজধানী চহৰখনত এটা নামঘৰ নির্মাণৰ লগতে শ্রীমন্ত শংকৰদেৱৰ নামত এটা পথৰ নামকৰণ কৰা হ’ব৷ অহা ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লীৰ নির্বাচনৰ প্রচাৰ অভিযানত অংশ লৈ সাংবাদিকৰ আগত এই প্রতিশ্রুতি প্রদান কৰিছে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

উল্লেখ্য যে দিল্লী মহানগৰৰ ঘৰে ঘৰে গৈ সোণোৱালে মঙলবাৰে নির্বাচনী প্রচাৰ চলোৱা পৰিলক্ষিত হয়৷ পূব দিল্লীৰ ৰোহটাছ নগৰৰ বিজেপি প্রার্থী জিতেন্দ্র মহাজনৰ হৈ পুৱাৰ ভাগত তেওঁ প্রচাৰ অভিযান চলোৱাৰ পাছত বিয়লি দিল্লী নিৱাসী উত্তৰ–পূর্বাঞ্চলৰ লোকসকলৰ উপস্থিতিত আয়োজিত এখন নির্বাচনী সভাত অংশগ্রহণ কৰে৷ ৰোহটাছ নগৰৰ প্রায় তিনি কিলোমিটাৰ পদযাত্রা কৰি নির্বাচনী প্রচাৰ চলোৱা সোণোৱালে অভিযোগ কৰে যে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে দিল্লীবাসীক চৰম প্রতাৰণা কৰিছে৷ প্রধানমন্ত্রীৰ সবকা সাথ সবকা বিকাশ নীতিৰ জৰিয়তে একমাত্র বিজেপিয়েই দিল্লীবাসীক বিকাশৰ সঠিক পথ দেখুৱাব বুলি তেওঁ উল্লেখ কৰে৷

আনহাতে, বিয়লি দিল্লী নিৱাসী উত্তৰ–পূর্বাঞ্চলৰ লোকসকলৰ উপস্থিতিত দিল্লীৰ ভি ভি আই পি এলেকা হিচাপে পৰিচিত সুনহেৰিবাগত মুখ্যমন্ত্রী সোণোৱালে এক নির্বাচনী সভাত অংশ লয়৷ এই সভাত অৰণাচলৰ মুখ্যমন্ত্রী প্রেমা খাণ্ডু, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰী তেলী আৰু কিৰেন ৰিজিজুও উপস্থিত থাকে৷ নির্বাচনী সভাখনৰ পাছত নিশাৰ ভাগত মুখ্যমন্ত্রী সোণোৱালে দিল্লীস্থিত অসমীয়া লোকসকলৰ অনুষ্ঠান অসম এছ’চিয়েচনৰ সদস্যসকলৰ সৈতে এক অন্তৰংগ আলাপত ভাগ লোৱাৰ লগতে নৈশভোজত মিলিত হয়৷

You might also like