নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী নিৰ্বাচনঃ ১৩,৫৭১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ৩১৪১ টা কেন্দ্ৰ স্পৰ্শকাতৰ

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ দিল্লীৰ ৭০ টা বিধানসভা সমষ্টিৰ বাবে ৮ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব । দিল্লীৰ মুঠ ১ কোটি ৪৭ লাখ ৬৮৬ হাজাৰ ৩৮২ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ।

দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়া ডঃ ৰণবীৰ সিঙে জনোৱা মতে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে ১৩,৫৭১ ভোটকেন্দ্ৰ স্থাপন কৰিছে । যাৰে ভিতৰত ৩১৪১ টা ভোটকেন্দ্ৰক স্পৰ্শকাতৰ বুলি বিবেচিত কৰা হৈছে ।

তেওঁ লগতে জনায় যে মুঠ ১ কোটি ৪৭ লাখ ৬৮৬ হাজাৰ ৩৮২ গৰাকী ভোটাৰৰ ভিতৰত ৮১,০৫,২৩৬ গৰাকী ভোটাৰ পুৰুষ হোৱাৰ বিপৰীতে ৬৬,৮০,২৭৭ গৰাকী ভোটাৰ হৈছে মহিলা ।

ইয়াৰোপৰি এই নিৰ্বাচনত প্ৰায় ৫৭ হাজাৰ আৰক্ষী বিষয়াক নিয়োগ কৰা হৈছে ।

উল্লেখ্য যে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল অহা ১১ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ’ব ।

You might also like