নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ দিল্লীৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ ৩ দিন বাকী । নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিজেপিয়ে দিল্লীত আক্ৰমণাত্মক ৰূপত প্ৰচাৰ আৰম্ভ কৰিছে । পিচ পৰি ৰোৱা নাই কংগ্ৰেছো । কিন্তু ইয়াৰ মাজতে এক খবৰ অনুসৰি, দিল্লীত আম আদমী পাৰ্টীয়ে আৰম্ভ কৰিছে এক গোপনীয় প্ৰচাৰ ।
য’ত ৰাজ্যখনৰ প্ৰতিখন বিধানসভা সমষ্টিত ‘আপ’ৰ ৫০০০ তৃণমূল কৰ্মীৰ তালিকা প্ৰস্তুত কৰা হৈছে । এই ৫০০০ কৰ্মীৰ প্ৰতিজনেই ৩ জনকৈ বিজেপি সমৰ্থকক ‘আপ’ৰ বিকাশমুখী কামৰ ওপৰত বুজোৱাৰ দায়িত্ব দিয়া হৈছে । অৰ্থাৎ সমষ্টিসমূহত ১৫,০০০ বিজেপি সমৰ্থকক বুজাই বিজেপিৰ ভোট ভঙাৰ লক্ষ্য বান্ধি লৈছে । যাৰ বাবে আপে বিজেপি সমৰ্থকৰ নাম, ফোন নম্বৰ আৰু ঘৰৰ ঠিকনাৰ এখন তালিকা প্ৰস্তুত কৰিছে ।
আনহাতে বিজেপিয়ে শ্বাহীন বাগৰ ঘটনাক নিৰ্বাচনী ইচ্ছু ৰূপে লৈ প্ৰচাৰ চলোৱা দেখা গৈছে যদিও বিজেপিৰ বিৰুদ্ধে আপৰ গোপনীয় প্ৰচাৰে ৰাজধানী দিল্লীত প্ৰকৃততে কিমান দূৰ সফলতা লাভ কৰিব সেয়াহে লক্ষণীয় হ’ব ।