নিয়মীয়া বাৰ্তা, ৩ জুনঃ দিল্লীৰ বিজেপি সভাপতি মনোজ তিৱাৰীক অপসাৰণ কৰা হৈছে৷ অভিনেতা–গায়ক ৰাজনীতিক তিৱাৰীৰ স্থানত দিল্লীৰ নতুন সভাপতি হিচাপে আদেশ কুমাৰ গুপ্তাক দায়িত্ব প্রদান কৰা হৈছে৷
বিজেপিৰ শীর্ষ সূত্রই প্রকাশ কৰা মতে, ২০১৬ চনৰ দিল্লীৰ বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল যদিও তেওঁৰ কার্যকালত দিল্লী বিধানসভা নির্বাচনত বিজেপি শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল৷ সেই সময়ত তিৱাৰীয়ে পদত্যাগ কৰিব বিচাৰিছিল যদিও শীর্ষ নেতৃত্বই মানি লোৱা নাছিল৷ অৱশেষত আজি উত্তৰ দিল্লী পৌৰ নিগমৰ প্রাক্তন মেয়ৰ আদেশ কুমাৰ গুপ্তাক মনোজ তিৱাৰীৰ স্থানত নতুন সভাপতি হিচাপে নিযুক্তি দিলে৷