নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী বিধানসভা নির্বাচনঃ আকালি দল–জেজেপিৰে মিত্রজোঁট নগঢ়ে বিজেপিয়ে

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি হিচাপে জে পি নাড্ডাই দায়িত্ব গ্রহণ কৰাৰ দিনাই দিল্লী বিধানসভা নির্বাচনক লৈ দলটোৱে কঠোৰ সিদ্ধান্ত গ্রহণ কৰিলে৷

পঞ্জাব আৰু হাৰিয়ানাত ক্রমে শিৰোমণি আকালি দল আৰু জে জে পিৰ সৈতে মিত্রতা থাকিলেও অহা ৮ ফেব্রুৱাৰীত দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনত মিত্র দলকেইটাৰ সৈতে একগোট হৈ নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছে বিজেপিৰ শীর্ষ নেতৃত্বই৷

ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে দেশৰ ৰাজধানীত প্রায় ১০ লাখ শিখ ভোটাৰ আছে৷ এই ভোটাৰসকলে ৭০খন আসনৰ ১০খনতে প্রভাৱ পেলায়, বিশেষকৈ পশ্চিম দিল্লী অঞ্চলত৷ শিৰোমণি আকালি দলৰ বাদে জননায়ক জনতা পার্টী চমুকৈ জে জে পিৰ সৈতেও দিল্লীত জোঁট নাবান্ধে বিজেপিয়ে৷

জে জে পিৰ নেতা তথা হাৰিয়ানাৰ উপ–মুখ্যমন্ত্রী দুষ্যন্ত চৌতালাৰ পৰা জোঁট বন্ধন সন্দর্ভত কোনো মন্তব্য নাহিলেও শিৰোমণি আকালি দলৰ এম এছ ছিছৰাই কয় যে যদি বিজেপিয়ে সংখ্যালঘুৰ সৈতে আগবাঢ়িব নিবিচাৰে, তেন্তে সেয়া তেওঁলোকৰ ওপৰত নির্ভৰ কৰিব৷ তেওঁলোক জ্যেষ্ঠ সহযোগী সেই বাবে তেওঁলোকে নিজৰ ইচ্ছাৰে নির্বাচন খেলক৷

You might also like