নিয়মীয়া বাৰ্তা, ৩ মে’ : ভাৰতত ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত আৰু মৃত লোকৰ সংখ্যা প্রতিদিনে বাঢ়িলেও আৰোগ্যৰ সংখ্যাও উৎসাহজনকভাৱে বৃদ্ধি পাইছে ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে জনোৱা মতে, ভাৰতত শুকুৰবাৰলৈকে এক্টিভ ক’ৰোনা ভাইৰাছ আক্রান্ত ৰোগী আছিল ২৬,১৬৭জন ৷ আনহাতে, ৯,৯৫০জন লোকে আৰোগ্য লাভ কৰি ঘৰলৈ উভতি গৈছে ৷ শনিবাৰৰ দিনটোত আৰোগ্য হোৱা লোকৰ সংখ্যা ১০,৭৩১জনলৈ বৃদ্ধি পালে ৷ শুকুৰবাৰে দিনটোলৈকে মৃতকৰ সংখ্যা আছিল ১,২২৩জন ৷ শেহতীয়া তথ্য মতে, মহাৰাষ্ট্রত ১২,২৯৬ লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৫২১জনৰ ৷ শনিবাৰে এদিনতে আক্রান্ত হৈছে ৭৯০জন লোক ৷
আনহাতে, ৰাজ্যখনত আৰোগ্য লাভ কৰিছে দেশৰ ভিতৰতে সর্বাধিক ২,০০০ জনে ৷ তামিলনাডুত ১,৩৪১জন লোকে আৰোগ্য লাভ কৰিছে ৷ শনিবাৰৰ দিনটোত ৰাজ্যখনত ২৩১জন লোক নতুনকৈ আক্রান্ত হোৱাৰ ফলত মুঠ আক্রান্তৰ সংখ্যা বৃদ্ধি পালে ২,৭৫৭জনলৈ৷ মৃতকৰ সংখ্যা হ’ল ২৯জন ৷ ৰাজস্থানত ১,২৪২জন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে মুঠ আক্রান্তৰ সংখ্যা ২,৭৭২জন ৷ মৃত্যু হৈছে ৬৮জনৰ ৷ দিল্লীতো ১,৬৬৭জন লোক আৰোগ্য হৈছে ৷ দেশৰ ৰাজধানীত আক্রান্তৰ মুঠ সংখ্যা ৩,৭৩৮জন আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ৬১জনলৈ ৷ শেহতীয়াকৈ গুজৰাটত ব্যাপকভাৱে সংক্রমণ বৃদ্ধি পাইছে৷ শেহতীয়া তথ্য মতে, ৰাজ্যখনত ৫,০৫৪জন লোক আক্রান্ত হৈছে৷ আজিৰ দিনটোতে আক্রান্তৰ সংখ্যা বৃদ্ধি পালে ৩৩৩জনলৈ৷ ৰাজ্যখনত মৃত্যু হৈছে ২৬২জনৰ৷ শেহতীয়া তথ্য অনুসৰি ভাৰতত ৩৯,৩১১জন লোক আক্রান্ত হৈছে ৷ শনিবাৰৰ দিনটোত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা হ’ল ২,০৪৯জন৷ ৮৮জন লোকৰ মৃত্যুৰ পাছত মুঠ মৃতকৰ সংখ্যা বৃদ্ধি পালে ১,৩১৯জনলৈ ৷ শেহতীয়া তথ্য মতে, দিল্লী এইমছত আজি ক’ৰোনাত মৃত্যু হয় লোকপাল সদস্য তথা ছত্তিশগড় উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ এ কে ত্রিপাঠীৰ৷ ৬২বছৰীয়া ত্রিপাঠীক যোৱা ২ এপ্রিলত এইমছত ভর্তি কৰোৱা হৈছিল ৷ তেওঁ আছিল দুর্নীতি নিবাৰক লোকপালৰ চাৰিজনীয়া সদস্যৰ অন্যতম ৷