নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ সংঘর্ষপীড়িত চান্দবাগ অঞ্চলত বুধবাৰে পুৱা আই বিৰ সুৰক্ষা সহায়ক এগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য সৃষ্টি হৈছে৷ যোৱা দেওবাৰৰ পৰা অব্যাহত থকা উত্তৰ–পূব দিল্লীৰ হিংসাত্মক কার্যকলাপৰ মাজতেই কালি পুৱা চান্দবাগৰ নলাত অংকিত শর্মা নামৰ আই বিৰ বিষয়া এগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়৷
চান্দবাগৰ বাসিন্দা অংকিত শর্মাই মঙলবাৰে সন্ধিয়া কর্মস্থানৰ পৰা উভতি আহোঁতে চান্দবাগৰ দলঙত দুর্বৃত্তৰ আক্রমণৰ সন্মুখীন হয় আৰু এই আক্রমণত প্রাণ হেৰুৱায়৷ প্রাণ হেৰুওৱাৰ পাছত অংকিত শর্মাৰ মৃতদেহটো নলালৈ দলিয়াই দিয়া বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ নিহত অংকিত শর্মাৰ পিতৃ ৰবীন্দৰ শর্মাই প্রকাশ কৰা মতে, তেওঁৰ পুত্রক আম আদমী পার্টীৰ নেতাৰ সমর্থকে আক্রমণ কৰি হত্যা কৰিছে৷ প্রহাৰ কৰাৰ পাছত পুত্রক গুলীওৱা হৈছে৷ আই বিৰ কর্মচাৰী ৰবীন্দৰ শর্মাই আৰক্ষীৰ ওচৰত এই অভিযোগ দাখিল কৰিছে৷