নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: বিগত দুটা দশকত গংগা নদীৰ পানী অভাৱনীয়ভাৱে হ্রাস পাইছে৷ অকল গংগা নৈ নহয়, নদীৰ পার্শ্বৱর্তী অৱবাহিকা অঞ্চলৰ ভূ–গর্ভস্থ পানীৰ পৰিমাণো হ্রাস পাইছে৷ কালি এই সম্পর্কীয় এক প্রতিবেদন প্রকাশ কৰিছে ৰাষ্ট্রসংঘৰ শাখা সংগঠন বিশ্ব বতৰ বিজ্ঞান সংস্থা (ডব্লিউ এম অ’)ই৷ সংস্থাটোৰ ‘ষ্টেট অৱ গ্ল’বেল ৱাটাৰ ৰিছ’চ ২০২১’ শীর্ষক প্রতিবেদনত উল্লেখ কৰা হৈছে যে বিগত দুটা দশকত ব্যাপক হাৰত হ্রাস পাইছে গংগা নদীৰ পানীৰ পৰিমাণ৷ ভূগর্ভস্থ পানীৰ পৰিমাণো অভাৱনীয়ভাৱে হ্রাস পোৱা বুলি সংস্থাটোৱে দাবী কৰিছে৷ অকল গংগাই নহয়, দক্ষিণ আমেৰিকাৰ পাটাগনিয়াৰ ছাও ফ্রান্সিস্কো নদীৰ অৱবাহিকা, সিন্ধু নদীৰ অৱবাহিকা আৰু দক্ষিণ–পশ্চিম আমেৰিকাৰ বিস্তীর্ণ নদী অৱবাহিকা অঞ্চলত ভূগর্ভস্থ পানীৰ পৰিমাণ অভাৱনীয়ভাৱে হ্রাস পাইছে৷ কিন্তু ইয়াৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে নাইজাৰ নদীৰ অৱবাহিকা আৰু উত্তৰ আমাজন নদীৰ অৱবাহিকাত৷ এই দুয়োটা নদী অঞ্চলত ভূগর্ভস্থ জলৰ পৰিমাণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷