নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুখীয়া দেশক ঋণ আদায়ৰ পৰা ৰেহাই দিয়ক

নিয়মীয়া বাৰ্তা, ৮এপ্ৰিলঃ ক’ভিড-১৯ বা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ মহামাৰীয়ে বিশ্বৰ দুখীয়া দেশসমূহৰ অৰ্থনীতিলৈ ভয়াৱহতা নমাই আনিছে। দুখীয়া দেশসমূহক বিভিন্ন ঋণ আদায় দিয়াৰ পৰা এই বছৰটোত ৰেহাই দিবলৈ আহ্বান জনাইছে শতাধিক গোলকীয় সংস্থাই। লক্ষণীয়ভাৱে উন্নয়নশীল দেশসমূহৰ মাজতেই আছে বিশ্বৰ অতি দুৰ্দশাগ্ৰস্ত অৰ্থনীতিৰ কেইবাখনো দেশ। অক্সফাম এণ্ড এক্সনএইড ইণ্টাৰনেচনেলৰ দৰে সংস্থাও আছে এই শতাধিক গোলকীয় সংগঠনৰ মাজত। বিশ্বৰ বিভিন্ন বিত্তীয় সংস্থাই দুৰ্দশাগ্ৰস্ত দেশসমূহক চলিত বৰ্ষৰ ঋণৰ ধন আদায় দিয়াৰ পৰা ৰেহাই দিলে ২৫০০কোটি ডলাৰ পৰা ৰক্ষা পৰিব এই দেশবোৰ। অৰ্থাৎ বৃহৎ ঋণৰ ধনৰাশি আদায় দিয়াৰ পৰা এটা বছৰৰ বাবে সকাহ পাব ঋণগ্ৰস্ত দেশসমূহে। ব্ৰিটিছ দাতব্য সংস্থা জুবিলি ডেব্ট কেম্পেইনৰ তৰফৰ পৰা এই আহ্বান জনোৱা হৈছে উল্লেখনীয় যে জি-২০ গোষ্ঠীৰ বৈঠকৰ এদিন পূৰ্বে জনোৱা এই আহ্বানলৈ সঁহাৰি জনাইছে শতাধিক গোলকীয় সংগঠনে। বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিয়ে এই ক্ষেত্ৰত ইতিবাচক সঁহাৰি প্ৰদৰ্শন কৰিব বুলিও আশা প্ৰকাশ কৰিছে গোলকীয় দাতব্য সংস্থাসমূহে। স্মৰ্তব্য যে চলিত বৰ্ষত ক’ৰোনা ভাইৰাছৰ দ্ৰুত বিস্তাৰৰ বাবেই বিশ্ব অৰ্থনীতিৰ বৃহৎ ক্ষতি হ’ব বুলি ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন সংস্থাই ইতিমধ্যে ঘোষণা কৰিছে। বিশ্ব অৰ্থনীতিলৈ আহি পৰা এই ভাবুকিয়ে উন্নয়নশীল দেশসমূহৰ অৰ্থনীতিত অধিক প্ৰতিকুল প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে।

You might also like