নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ঘটনাত মৃত্যু হৈছিল মহাত্মা গান্ধীৰ !

চৰকাৰৰ পুস্তিকা প্ৰকাশৰ পাচতেই ওড়িশাত তীব্ৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, ১৬ নৱেম্বৰঃ জাতিৰ জনক মহাত্মা গান্ধীৰ মৃত্যু হৈছিল দুৰ্ঘটনাত । এই কথা আমাৰ নহয় , ওড়িশাৰ চৰকাৰী বিদ্যালয়ৰ পুস্তিকাত মহাত্মাৰ মৃত্যু দুৰ্ঘটনা বুলি প্ৰকাশ পোৱাৰ পিছতেই এতিয়া ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া । ৰাজনৈতিক নেতা তথা সামাজিক সংগঠনৰ নেতা-কৰ্মীসকলে এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ পদত্যাগ দাবী কৰিছে । মহাত্মা গান্ধীৰ প্ৰতি এয়া এক অপমান বুলি অভিহিত কৰিছে বিভিন্ন দল-সংগঠনে । দুই পৃষ্ঠাৰ পুস্তিকা ‘আমা বাপুজীঃ এক ঝলকা ‘ (আমাৰ বাপুজীঃ এক আভাস ) ত ১৯৪৮ চনৰ ৩০ জানুৱাৰীত দিল্লীৰ বিৰলা হাউছৰ এক হঠাতে হোৱা কাৰ্যসূচীত দুৰ্ঘটনাজনিত কাৰণত মহাত্মাৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা হৈছে । মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে প্ৰকাশিত পুস্তিকাত নেতাগৰাকীৰ মৃত্যুৰ কাৰণ দুৰ্ঘটনা বুলি উল্লেখ পোৱা বিষয়টোৱে ওড়িশাৰ ৰাজনীতিত সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি । অৱশ্যে চৰকাৰে বিষয়টো সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

You might also like