নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ প্ৰাণঘাতী ক’ভিড-১৯ ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ইণ্ডোৰৰ এগৰাকী চিকিৎসকে । ক’ভিড-১৯ ৰ যুঁজত প্ৰাণ হেৰুওৱা দেশৰ প্ৰথমগৰাকী চিকিৎসক হৈছে ৬২ বছৰীয়া চতুৰ্ঘন পাঞ্জৱানী । মধ্যপ্ৰদেশৰ ইণ্ডোৰ জিলাৰ চিকিৎসক পাঞ্জৱানীয়ে ক’ভিড-১৯ আক্ৰান্তক চিকিৎসা কৰাৰ সময়তে এই মহামাৰী ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত অৰবিন্দ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসাধীন হৈ থকা অৱস্থাতে বৃহস্পতিবাৰে পাঞ্জৱানীৰ মৃত্যু ঘটে । ইণ্ডোৰৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ প্ৰবীণ জাডিয়াই প্ৰকাশ কৰা মতে, বৃহস্পতিবাৰে পুৱা ব্যক্তিগত হাস্পতালখনত চিকিৎসক পাঞ্জৱানীয়ে শেষ নিশ্বাস ত্যাগ কৰে । ক’ভিড – ১৯ আক্ৰান্ত ৰোগীক চিকিৎসাৰ সময়তে পাঞ্জৱানীৰ দেহতো এই মহামাৰী ভাইৰাছ সংক্ৰমিত হৈছিল । স্বাস্থ্য বিষয়াসকলে পাঞ্জৱানী আক্ৰান্ত হোৱাৰ উৎস বিচাৰি আছে ।
মধ্যপ্ৰদেশতেই নহয়, দেশৰ প্ৰথমগৰাকী চিকিৎসকে ক’ভিড-১৯ ত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা শোকাৱহ ঘটনাটো ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছে । কিয়নো পৰিয়ালক লোকৰ সৈতে পাঞ্জৱানীয়ে বহি থকা এটা ভিডিঅ’ প্ৰচাৰিত হৈছিল । এই ভিডিঅ’টোত পাঞ্জৱানীয়ে ক’ভিড-১৯ ৰ পৰা নিজকে সুস্থ বুলি দাবী কৰিছিল । এই ভিডিঅ’ প্ৰচাৰ হোৱাৰ কেইঘণ্টামান পিছতে পাঞ্জৱানীৰ মৃত্যুৰ বাতৰি আনুষ্ঠানিকভাৱে ইণ্ডোৰৰ স্বাস্থ্য বিষয়নাই ক’ভিড-১৯ ৰ যুঁজাৰু চিকিৎসকজনৰ মৃত্যুৰ দুঃখজনক সংবাদ প্ৰকাশ কৰিলে ।