নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত প্ৰথমবাৰলৈ প্ৰতিটো মছজিদত উৰিল ৰাষ্ট্ৰীয় পতাকা ! পিছে ক’ত ?

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ ভাৰতবৰ্ষৰ ক্ষেত্ৰত এইটো প্ৰথমটি ঘটনা । গণৰাজ্য দিৱসৰ দিনা এখন বিশেষ ৰাজ্যৰ প্ৰতিটো মছজিদত উৰিল ৰাষ্ট্ৰীয় পতাকা । বৰ্তমানলৈকে ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ মছজিদত নেদেখা এই দৃশ্য দেওবাৰে দেখা গ’ল কেৰালাত ।

কেৰালাৰ ৱাকফ বৰ্ডৰ তৰফৰ পৰা প্ৰতিটো মছজিদলৈ প্ৰেৰণ কৰা হৈছিল পতাকা উত্তোলনৰ এই বিশেষ জাননী । এই নিৰ্দেশ অনুসৰি ৰাজ্যৰ প্ৰতিটো মছজিদে গণৰাজ্য দিৱসৰ দিনা ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰি প্ৰতিটো মছজিদত উত্তোলন কৰিব লাগিব ত্ৰিৰংগা । ইয়াৰ লগতে পতাকা উত্তোলনৰ পাচতেই সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰিবলৈয়ো দিয়া হয় নিৰ্দেশ । এই নিৰ্দেশ অনুসৰিয়েই প্ৰতিটো মছজিদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে পাঠ কৰা হয় সংবিধানৰ প্ৰস্তাৱনা ।

‘কা’ৰ বিৰোধিতাৰে কেৰালা চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাচতেই দেশৰ সংবিধান ৰক্ষাৰ বাবে দেওবাৰে ৱাকফ বৰ্ডে জাৰি কৰা এই জাননীও যেন আছিল প্ৰতিবাদৰে অন্য ৰূপ । কেৰালা চৰকাৰৰ এই প্ৰস্তাৱৰ পাচতেই পঞ্জাৱ আৰু ৰাজস্থান চৰকাৰেও বিধানসভাত প্ৰস্তাৱ গ্ৰহণৰ বাবে আগবাঢ়িছে ।

দেওবাৰে মছজিদত পতাকা উত্তোলন সন্দৰ্ভত কেৰালাৰ ৱাকফ বৰ্ডৰ প্ৰধান টি কে হামজাই কয়, খুব কঠিন সময়ৰ মাজেৰে পাৰ হৈছে দেশ । দেশৰ এনে অৱস্থাত আমি নিমাত হৈ থকা উচিত নহয় ।

You might also like