নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত সোণৰ চাহিদা ৭০ শতাংশ নিম্নগামী

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ  দেশত এপ্রিল–জুন মাহত সোণৰ চাহিদা ৭০ শতাংশ নিম্নগামী হৈছে৷ সোণৰ মূল্যবৃদ্ধি পালেও দেশত সোণৰ মূল্য নিম্নগামী হোৱা বুলি ৱ’ল্ড গ’ল্ড কাউন্সিল (ডব্লিউজিচি)ৰ প্রতিবেদনত প্রকাশ পাইছে৷ ক’ভিড–১৯ সংকট আৰু সোণৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবেই বিগত বর্ষৰ তুলনাত চলিত বর্ষৰ এপ্রিল–জুন মাহত সোণৰ চাহিদা ৭০ শতাংশ হ্রাস পোৱা বুলি প্রতিবেদনখনত উল্লেখ কৰা হৈছে৷ ‘দ্বিতীয় ত্রি–মাসিক গ’ল্ড ডিমাণ্ড ট্রেণ্ডছ’ শীর্ষক প্রতিবেদন মতে, দ্বিতীয় ত্রি–মাসিকত সোণৰ চাহিদা ২৬,৬০০ কোটি, কিন্তু বিগত বর্ষৰ এই সময়ছোৱাত সোণৰ চাহিদা আছিল ৬২,৪২০ কোটি টকা৷ অর্থাৎ তুলনামূলক দৃষ্টিত ৫৭ শতাংশ হ্রাস পাইছে৷

আনহাতে, সমগ্র অলংকাৰৰ চাহিদা বিগত বর্ষৰ তুলনাত ৭৪ শতাংশ হ্রাস পাইছে৷ বিগত বর্ষটোত ১৬৮.৬ টন সোণৰ বিপৰীতে এইবেলি মাত্র ৪৪ টন৷ আনহাতে, এপ্রিল–জুন মাহত মূল্যৰ তুলনাত অলংকাৰৰ চাহিদা ৬৩ শতাংশ হ্রাস পাইছে৷ চলিত বর্ষত এপ্রিল–জুন মাহত ১৮,৩৫০ কোটিৰ বিপৰীতে বিগত বর্ষত আছিল ৪৯,৩৮০ কোটি টকা৷ গুৰুত্বপূর্ণ যে সম্পূর্ণ বিনিয়োগ চাহিদাও চলিত বর্ষৰ দ্বিতীয় ত্রি–মাসিকত ৫৬ শতাংশ হ্রাস পাইছে৷ মাত্র ১৯.৮ টনৰ বিপৰীতে বিগত বর্ষত আছিল ৪৪.৮ টন৷ মূল্যৰ তুলনাত সোণ বিনিয়োগৰ চাহিদা চলিত বর্ষৰ দ্বিতীয় ত্রি–মাসিকত ৩৭ শতাংশ নিম্নগামী হৈছে৷ বিগত বর্ষত ১৩,০৪০ কোটিৰ বিপৰীতে এইবাৰ মাত্র ৮২৫০ কোটি টকা৷ আনহাতে, সোণৰ আমদানি বর্ষটোৰ দ্বিতীয় ত্রি–মাসিকত ৯৫ শতাংশ হ্রাস পাইছে৷ ২০১৯ চনৰ এই সময়খিনিত ২৪৭.৪ টনৰ বিপৰীতে চলিত বর্ষত মাত্র ১১.৬ টনহে আমদানি হৈছে৷ উল্লেখ্য যে মার্কিন ডলাৰৰ বিনিময়ত ভাৰতীয় মুদ্রাৰ মূল্য নিম্নগামী হয় যদিও সোণৰ মূল্য আজি নতুন শিখৰলৈ ধাৱিত হৈ প্রতি ১০ গ্রামত ৫৩,৪২৯ টকালৈ বৃদ্ধি পায়৷

You might also like