নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ সমগ্ৰ দেশজুৰি ২১ দিনীয়া লকডাউনৰ মাজতে শুকুৰবাৰে পুৱা ৯ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি প্ৰেৰণ কৰে এক ভিডিঅ’ বাৰ্তা ।
- ভাৰতে সন্মিলিতভাৱে কৰোনাৰ বিৰুদ্ধে যুঁজ দিছে
- অহা ৫ এপ্ৰিলক লৈ প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ আহ্বান
- “সেইদিনাই নিশা ৯ বজাত মই ৯ মিনিট সময় দেশবাসীৰ পৰা বিচাৰিছোঁ ।”
- এই ৯ মিনিটত ঘৰৰ সকলো লাইট বন্ধ কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ
- আন্ধাৰত মমবাতি, মোবাইলৰ লাইটৰ টৰ্চ, চাকি-বন্তী জ্বলাবলৈ আহ্বান
- কিছুসময় মা ভাৰতীক স্মৰণ কৰিবলৈ আহ্বান
- ক’ৰোনাই দেশত সৃষ্টি কৰা অন্ধকাৰ খেদাৰ বাবে এই আহ্বান
- অৱশ্যে এই সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰাখিবলৈও আহ্বান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে
- লকডাউনলৈ দেশবাসীৰ সঁহাৰিক প্ৰধানমন্ত্ৰীৰ শলাগ ।
চাওক কি আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে-
#WATCH PM Modi: I request all of you to switch off all the lights of your house on 5th April at 9 PM for 9 minutes, and just light a candle, ‘diya’, or mobile’s flashlight, to mark our fight against #coronavirus pic.twitter.com/wpNiEJurBm
— ANI (@ANI) April 3, 2020