নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ ক’ৰোনা প্ৰতিৰোধী ৭ টা আহ্বান, কি এই আহ্বান ?

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ মঙলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ সম্বোধন কৰে দেশবাসীক । ক’ৰোনা সংক্ৰমণৰ শৃংখল ভেদ কৰিবলৈ ৩ মে’লৈকে লকডাউন ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দেশবাসীৰ প্ৰতি এই ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ৰোনাৰ পৰা ৰক্ষা পাবৰ বাবে ৭ টা কথাত গুৰুত্ব দিবলৈ আহ্বান জনালে দেশবাসীক । এইসমূহ হ’ল –

১. আপোনাৰ পৰিয়ালৰ বয়স্ক ব্যক্তিৰ ওপৰত গুৰুত্ব দিয়ক । বিশেষ ভাৱে যিসকল পূৰ্বৰে পৰা কোনো ৰোগত আক্ৰান্ত সেইসকলে প্ৰয়োজনীয় স্বাস্থ্যবিধি পালন কৰিছে নে নাইতাৰ ওপৰত ধ্যান দিয়ক । 

২. লকডাউন আৰু সামাজিক দূৰত্ব বজাই ৰাখক । বাহিৰলৈ গ’লে মাস্ক ব্যৱহাৰ কৰক অথবা প্ৰয়োজন হ’লে ঘৰতে তৈয়াৰী মাস্ক ব্যৱহাৰ কৰক । 

৩. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক । আয়ুষ মন্ত্ৰণালয়ৰ দ্বাৰা জাৰি কৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ নিয়ম সমূহ মানি চলক । গৰম পানী খাওক আৰু যোগ কৰক । 

৪. ক’ৰোনা সংক্ৰমণ ৰোধ কৰাৰ বাবে আৰোগ্য সেঁতু মোবাইল এপ ডাউনলোড কৰক । 

৫. এই সময়ত যিদৰে পাৰে দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিয়ক , তেওঁলোকক সাহাৰ্য দিয়ক । 

৬. নিজৰ ব্যৱসায়িক ক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ প্ৰতি সদয় হওক । দয়া কৰি কৰ্মচাৰীসকলক চাকৰিৰ পৰা বৰ্খাস্ত নকৰিব । 

৭. ক’ৰোনাৰ বিৰুদ্ধে হোৱা এই যুঁজখনৰ যোদ্ধা চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী, চাফাই কৰ্মী, আৰক্ষীক সন্মান কৰক । তেওঁলোক যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতিও গুৰুত্ব দিয়ক । 

দেশবাসীলৈ এই সাতটা আহ্বান কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় ক’ৰোনাক জয় কৰাৰ বাবে এই নীতিকেইটাই হৈছে অতি গুৰুত্বপূৰ্ণ ।

You might also like