দেশৰ পৰা পলায়নৰ চেষ্টা চলাইছে অভিনেত্রী জেকুইলিনে
নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰ: কাৰাবন্দী কনমেন সুকেশ চন্দ্র শেখৰৰ সৈতে জড়িত ২০০ কোটি ধন দাবী গোচৰত সোধা–পোছা কৰা বলীউডৰ অভিনেত্রী জেকুইলিন ফার্নাণ্ডেজে দেশ এৰি পলাবলৈ চেষ্টা কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এনফ’চমেণ্ট ডাইৰেক্টৰেটে৷ অভিনেত্রী জেকুইলিনৰ নিয়মীয়া জামিনক লৈ আবেদনৰ শুনানি গ্রহণৰ সময়ত ইডিয়ে দিল্লী আদালতত আজি জেকুইলিনে তথ্য–সাক্ষ্য বিনষ্ট কৰাই নহয়, দেশ এৰিবলৈ চেষ্টা চলাই আছে বুলি অভিযোগ কৰে৷ ইডিয়ে আনকি জেকুইলিনৰ তৰফৰ পৰা কোনোধৰণৰ তথ্য এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি আদালতত কয়৷ মন কৰিবলগীয়া যে আজি নিয়মীয়া জামিনৰ আবেদনৰ শুনানি গ্রহণ কৰি পুনৰ সিদ্ধান্ত দিয়া নাই৷ অহা ১০ নৱেম্বৰত পুনৰ শুনানি হ’ব৷ লক্ষণীয় যে অভিনেত্রী জেকুইলিনে ম’বাইলৰ দাতা বিনষ্ট কৰাৰ অভিযোগ ইডিৰ৷