নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ১০৪০ গৰাকী আৰক্ষীলৈ সাহসিকতাৰ পদক

নিউজ ডেস্ক, ২৬ জানুৱাৰীঃ  গণৰাজ্য দিৱসৰ প্রাকসন্ধ্যা দেশৰ ১০৪০গৰাকী আৰক্ষীলৈ আৰক্ষীৰ সাহসিকতাৰ পদক ঘোষণা কৰিছে৷ এই তালিকাত জম্মু–কাশ্মীৰৰ সর্বাধিক ১০৮গৰাকী আৰক্ষীয়ে এই সন্মান লাভ কৰিছে৷

আনহাতে চি আৰ পি এফৰ ৭৬গৰাকী জোৱানে এই পদক লাভ কৰিছে৷ আনহাতে ঝাৰখণ্ডৰ ৩৩, ওড়িশাৰ ১৩, দিল্লীৰ ১২, মহাৰাষ্ট্রৰ ১০, ছত্তিশগড়ৰ ৮ আৰু বিহাৰৰ ৭গৰাকী আৰক্ষীলৈ এই সাহসিকতাৰ পদক আগবঢ়োৱা হৈছে৷ আনহাতে সেনাবাহিনীৰ ৩১২গৰাকী জোৱানলৈ সাহসিকতাৰ বিভিন্ন পদক আগবঢ়োৱা হৈছে৷

১৯গৰাকী সেনা জোৱানে পৰম বিশিষ্ট সেৱা পদক, ৪গৰাকীলৈ উত্তম যুদ্ধ সেৱা পদক, ৩২গৰাকীলৈ অতিবিশিষ্ট সেৱা পদক, ৬গৰাকীলৈ সুৰক্ষা চক্র, ৮গৰাকীলৈ যুদ্ধ সেৱা পদক, ৮গৰাকীলৈ বাৰ টু সেনা পদক আগবঢ়োৱা হৈছে৷

আনহাতে ১৪৩গৰাকী সেনা জোৱানলৈ সেনা মেডেল, ৭৬গৰাকীলৈ বিশিষ্ট সেৱা পদক, অপাৰেচন ৰাইনোৰ বাবে এজন আৰু অপাৰেচন ৰক্ষকৰ বাবে ১৫গৰাকী জোৱানলৈ পদক আগবঢ়োৱা হৈছে৷

You might also like