নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাবাহিক ‘ৰামায়ণ’–এ গঢ়িলে বিশ্বাভিলেখ

১৬ এপ্রিলৰ খণ্ডটি উপভোগ ৭.৭ কোটি দর্শকৰ

নিয়মীয়া বাৰ্তা, ২মেঃ প্রখ্যাত নির্মাতা ৰামানন্দ সাগৰৰ জনপ্রিয় ধাৰাবাহিক ‘ৰামায়ণ’–এ বিশ্ব অভিলেখ গঢ়িলে৷ যোৱা ১৬ এপ্রিলত সম্প্রচাৰিত খণ্ডটি ৭.৭ কোটি দর্শকে উপভোগ কৰাৰ পিছতেই ‘ৰামায়ণ’ বিশ্বৰ সর্বাধিক দর্শকে উপভোগ কৰা ধাৰাবাহিক হিচাপে অভিলেখ সৃষ্টি কৰে৷ ডি ডি ইণ্ডিয়াই যোৱানিশা টুইটযোগে ৰামায়ণৰ এই অভিলেখ বার্তা প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে ৩৩ বছৰ পূর্বে ডি ডি নেচনেলত সম্প্রচাৰিত হৈ যোৱা ধাৰাবাহিক ৰামায়ণ দেশবাসীৰ দাবীৰ প্রতি লক্ষ্য ৰাখি যোৱা ২৮ মার্চৰ পৰা পুনৰ সম্প্রচাৰ কৰা হৈছে৷ ধাৰাবাহিকখন প্রচাৰ হোৱাৰ লগে লগে দেশৰ বিভিন্ন অভিলেখ ভংগ কৰাৰ পিছত সর্বাধিক দর্শকে উপভোগ কৰা বিশ্বৰ অভিলেখো গঢ়ে৷ বাল্মীকি ৰামায়ণ আৰু তুলসী দাসৰ ৰাম চৰিত মানসৰ আধাৰত নির্মিত ধাৰাবাহিকখন মুঠ ৭৮ খণ্ডৰ৷ প্রথমবাৰৰ বাবে এই ধাৰাবাহিকখন দেশজুৰি প্রচাৰ হৈছিল ১৯৮৭ চনৰ ২৫ জানুৱাৰীৰ পৰা ১৯৮৮ চনৰ ৩১ জুলাইলৈকে৷ সেই সময়তো অনেক অভিলেখ গঢ়িছিল ৰামায়ণখনে৷

You might also like